সমীপেষু,

শ্ৰীযুত নৰেন্দ্ৰ মোডী,

মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষ

(জৰিয়তেঃ মহামহীম ৰাজ্যপাল, অসম)

বিষয়ঃ হিন্দু সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্ৰকৃত অভাৱ অভিযোগৰ ক্ষীপ্ৰ সমাধানৰ বাবে চৰকাৰৰ দ্বাৰা বিৱেচনাযোগ্য যুক্তিপূৰ্ণ দাবীৰ চনদ।

হিন্দু সম্প্ৰদায়ৰ যুক্তিপূৰ্ণ দাবীবোৰৰ চনদ—যিবোৰ দাবী হিন্দু সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্ৰকৃত অভাৱ অভিযোগৰ দ্ৰুত-কালীন সংশোধনৰ বাবে চৰকাৰৰ দ্বাৰা আশু-বিবেচনা যোগ্য।

সূচনাঃ

১)             আমি বিশাল ভাৰততবৰ্ষৰ চুকে-কোনে সিচঁৰতি হৈ থকা হিন্দু সম্প্ৰদায়ৰ মানুহখিনিয়ে (লগত গাঁথি দিয়া নথি-১) ভালেকেইমাহ ধৰি সতৰ্কতাৰে বিচাৰ কৰাত বিভিন্ন ধৰণৰ সাংবিধানিক, ন্যায়িক আৰু ৰাজহুৱা নীতি-নিৰ্দেশনাৰ অজুহাত দেখুৱাই হিন্দুত্ব, হিন্দু সমাজ আৰু হিন্দুসকলৰ ওপৰত এক বিৰূপ প্ৰভাৱ বাৰুকৈয়ে জাপি দিয়া কাৰ্য দৃষ্টিগোচৰ হৈছে।

এনেদেৰ নেতিবাচক, প্ৰতিকূল কাৰকৰ বাবেই ২০১৮ চনৰ ১২ ছেপ্তেম্বত নতুন দিল্লীত এখন গণসভা অনুষ্ঠিত কৰা হয় যাৰ বাবে হিন্দুসকলৰ দাবীবোৰক লৈ সৃষ্টি হয় এইখন চনদ।

২)            বিভিন্ন দৃষ্টিকোণৰ পৰা পৰীক্ষালব্ধ তথ্যপাতি আৰু অভিজ্ঞতাৰ ভেটিত হিন্দু সম্প্ৰদায়ৰ মাজত এনে এটি বিশ্বসে বৰ্দ্ধিত ৰূপ ধাৰণ কৰিছে যে ভাৰত ৰাষ্ট্ৰই হিন্দুত্বত বিশ্বাসী আৰু অন্যান্য স্থানীয় ধাৰ্মিক আৰু আধ্যাত্মিক ঐতিহ্য বহনকাৰী বৃহত্তৰ সংখ্যক হিন্দুক নিৰুৎসাহিত কৰি আহিছে। সংবিধানৰ ২৫ৰ পৰা ৩০ নং অনুচ্ছেদক অন্তৰ্গত কৰি সংবিধানৰ কিছু সংখ্যক অনুচ্ছেদ পঠন, অনুবাদ অথবা বলপূৰ্বক বলবৎকৰণ কৰাতেই চৰকাৰ আৰু ন্যাপালিকা ক্ষান্ত হৈ থকা নাই, বৰঞ্চ সংবিধান সংশোধনৰ নামত কিছুমান নতুন আইন কানুনৰো সৃষ্টি কৰিছে, যিবোৰ হিন্দু ধৰ্ম আৰু হিন্দুবিলাকৰ স্বৰ্থৰ সম্পূৰ্ণৰূপে পৰিপন্থী। বৃহৎ সংখ্যক হিন্দুৰ প্ৰতি এক পক্ষপাতিত্বমূলক নীতি লৈ সংবিধান,  আইন-কানুন আৰু ৰাজহুৱা নীতি-নিয়মৰ এনে এক বিৰূপ মনোভাবৰ সৃষ্টি কৰাৰ ফলত ই এক ঘৃণনীয় ৰূপ ধাৰণ কৰিছে। যেনে-

ক)            চৰকাৰৰ অবাঞ্ছিত হস্তক্ষেপ অবিহনে কেৱল হিন্দুবিলাকৰ শিক্ষানুষ্ঠানবোৰতেই হিন্দুবিলাকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

খ)            কেৱল হিন্দুসকলেহে তেওঁলোকৰ নিজস্ব উপাসনা স্থলিত নিজাববীয়াকৈ উপাসনা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

গ)            কেৱল হিন্দু হোৱাৰ বাবেই তেওঁলোকক চৰকাৰী জলপানি দিবলৈ অস্বীকাৰ কৰা হয়, কিন্তু অ-হিন্দু সম্প্ৰদায়ৰ লোকৰ বাবে সা-সুবিধা আৰু হিতাধিকাৰীৰ ব্যৱস্থা অপৰ্যাপ্ত।

ঘ)            কেৱল হিন্দুৰ ধৰ্মীয় আৰু সাংস্কৃতি আৰু উৎসৱবোৰকহে লক্ষ্য কৰি লোৱা দেখা গৈছে আৰু এইবোৰত ভাৰত ৰাষ্ট্ৰ আৰু আদালতবোৰে বিৰূপভাৱে হস্তক্ষেপ কৰাত লাগি গৈছে।

৩)            হিন্দুত্ব আৰু হিন্দুসকলৰ বিৰুদ্ধে ভাৰত ৰাষ্ট্ৰ আৰু ইয়াৰ অন্যান্য সংযুক্ত প্ৰতিষ্ঠানসমূহে এক পৰিসল্পিত আৰু বৈষম্যমূলক দৃষ্টিভংগী লোৱা দেখা গৈছে। ইয়াৰ কামকাজবোৰ প্ৰচলিত আইন আৰু ধৰ্মীয় আৰু স্বেচ্ছাঅন্তৰ্ভূক্তিকৰণক সমভাৱে সুৰক্ষা দিয়াৰ আইন দৰাচলতে প্ৰকৃত আদৰ্শ হোৱাতো উচিত আৰু ই গণতন্ত্ৰ তথা আধুনিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে এক বুনিয়াদী স্বৰূপ। মন কৰিবলগীয়া কথা এই যে, সংবিধান সভাই এনেবোৰ আদৰ্শৰ পূৰ্বালোকন কৰিছিল আৰু সেইবোৰক সংবিধানত সযতনে লিপিবদ্ধ কৰা হৈছে।

৪)             জাতীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি আৰু সাম্প্ৰদায়ীক ৰাজনীতিক উৎসাহিত কৰাৰ উপৰিও হিন্দুৰ মাজৰেই কিছু গোটৰ মাজত এনে এক জনৰৱৰ সৃষ্টি কৰা হৈছে যে, তেওঁলোকক অ-হিন্দু বা সংখ্যালঘুৰ শ্ৰেণীত সামৰি লোৱা হ’ব যাতে ভৱিষ্যতে হ’ব পৰা সাংবিধানিক, ন্যায়িক বিফলতা আমাৰ দেশৰ হিন্দু নামধাৰীসকলৰ ওপৰত পৰে আৰু তেওঁলোকে ভৱিষ্যতে যাতে নিৰাপদে পলায়ন কৰিব পাৰে। পূৰ্বৰ ৰামকৃষ্ণ মিছনৰ মোকৰ্দমা আৰু সৌ সিদিনাৰ লিঙ্গায়তৰ সমস্যাটো হ’ল হিন্দু সমাজৰ ওপৰত ৰাষ্ট্ৰই জাপি দিয়া দুটা অপ্ৰীতিকৰ অভিজ্ঞতাৰ উদাহৰণ। কিন্তু এইটোও স্পষ্ট যে, হিন্দুত্ব আৰু হিন্দু সমাজক ভাগ কৰা, অস্থিৰ আৰু ধ্বংস কৰিব খোজা ভাৰত ৰাষ্ট্ৰৰ এনে স্পষ্ট অগ্ৰাসী নীতিয়ে প্ৰকৃত হিন্দুক মুঠেও ভীতিগ্ৰস্ত কৰি তুলিব নোৱাৰে, কাৰণ শতিকাজুৰি চলা বিদেশী শাসনও এই বিষয়ত সম্পূৰ্ণভাৱে কৃতকাৰ্য হ’ব নোৱাৰিলে।

৫)            ভাৰত ৰাষ্ট্ৰৰ এনেকুৱা স্পষ্ট হিন্দুবিৰোধী অৱস্থানৰ বাবেই হিন্দুসকলৰ প্ৰকৃত অভিযোগবোৰক নস্যাৎ কৰা হ’ল আৰু সেয়া সমাধান নোহোৱাকৈ পৰৱৰ্তী কালৰ স্বাধীন ভাৰতবৰ্ষ তথা ইয়াৰ ৰাজ্যবোৰৰ চৰকাৰবোৰৰ আমোলতো চলি থাকিল । ফলস্বৰূপে, দেশৰ বৃহত্তৰ অংশৰ লোকৰ বাবে হিন্দুত্ব তথাকথিত ধৰ্ম হৈয়েই থাকিল সেইদৰে একে বেমাৰত ভুগি ইয়াৰ ধাৰাবহিকতাও চলি থাকিল। বৰঞ্চ শতিকাজুৰি বিদেশী শাসনৰ বলি হোৱা হিন্দুত্ব এতিয়া বেছিকৈ দুৰ্বলহে হ’বলগীয়াত পৰিল। বহিৰাগত শাসকে জাপি দিয়া অলসতা বা অপাৰগতাই একক সনাতন ধৰ্মক ধৰ্মৰ ৰূপ লোৱাৰ পৰা বঞ্চিত কৰিলে। ইয়াৰ পুনৰুত্থান আৰু নৱজীৱন প্ৰাপ্তিত বাধা প্ৰদান কৰিলে যাতে আগন্তুক সময়ত আধ্যাত্মিক আৰু ৰাজনৈতিক প্ৰয়োজনীয়তাসমূহক হিন্দুধৰ্মই মুঠেই সঁহাৰি জনাব নোৱাৰে। এইবোৰ কাৰণতেই আমাৰ দেশ বা আমাৰ প্ৰচলিত সনাতন ধৰ্মৰ বাবে এটা সম্পূৰ্ণভাৱে পৰিপন্থী বিকল্প ব্যৱস্থা ৰূপে ই এমুঠি ন্যাস্তস্বাৰ্থত নিমজ্জিত হৈ থকা লোকৰ হাতৰ পুতলা হৈ পৰিল।

৬)            ভাৰত ৰাষ্ট্ৰৰ এনে ধৰণৰ হিন্দু-বিৰোধী স্থিতিৰ বাবে হিন্দুৰ প্ৰকৃত অভাৱ-অভিযোগবোৰ অৱহেলিত হৈ পৰিল আৰু সেইবোৰৰ সংশোধনৰ ব্যৱস্থা স্বাধীন ভাৰতৰ কি ৰাজ্যিক, কি কেন্দ্ৰীয় কোনো এখন পৰৱৰ্তী কালৰ চৰকাৰেই হাতত নল’লে। ফলস্বৰূপে, দেশৰ বৃহত্তৰ জনগনে আকোৱালি লোৱা হিন্দুত্বই একেই যন্ত্ৰণাত ভূগি থাকিবলগীয়া হ’ল। আনকি শতিকাজোৰা দমনমূলক বিদেশী শাসনৰ সময়তকৈ ইয়াক বেছি দুৰ্বল কৰাহে পৰিলক্ষিত হৈছে। বাহ্যিকভাৱে এনে অপাৰগতাই হিন্দুত্বক এক সনাতন ধৰ্মলৈ ৰূপান্তৰিত হোৱাত বাধাহে প্ৰদান কৰিলে। ইয়াক পুনৰ্জ্জীৱিত আৰু প্ৰাণৱন্ত কৰি সমসাময়িক দিনৰ হিন্দুৰ প্ৰয়োজনীয় আধ্যাত্মিক আৰু পাৰ্থিৱ প্ৰয়োজনীয়তাসমূহ পুৰণ কৰাৰ পৰিৱৰ্তে ন্যস্ত স্বাৰ্থৰ অনুকূলেহে ইয়াক ব্যৱহাৰ কৰা হ’ল আৰু এই কাৰ্য নিশ্চিতভাৱে সনাতন ধৰ্ম আৰু আমাৰ দেশৰ স্বস্থ্যৰ প্ৰভূত ক্ষতিসাধন কৰিছে।

৭)             আমাৰ সভ্যতাক সুগভীৰ দৃষ্টিৰে পৰ্যৱেক্ষণ আৰু স্মৰণ কৰাটো এতিয়া খুবেই প্ৰাসংগিক হৈ পৰিছে। হিন্দু সংস্কৃতি হিন্দুস্থানৰ জীৱনদায়ী শ্বাস-প্ৰশ্বাস। সেয়েহে এইটো স্পষ্ট যে হিন্দুস্থান এতিয়া সুৰক্ষিত হ’বই লাগিব। আমি প্ৰথমতে হিন্দু সংস্কৃতিৰ পুষ্টিবৰ্দ্ধন কৰিবই লাগিব। যদি হিন্দুস্থানতেই হিন্দু সংস্কৃতি ধ্বংস হয় আৰু হিন্দু সমাজৰ অস্তিত্ব বিপন্ন হয়, তেন্তে হিন্দুস্থান বুলি ৰৈ থকা অৱশিষ্টকণক কেৱল নামমাত্ৰ ভৌগোলিক সত্তা বুলি উল্লেখ কৰাটো কোনো পধ্যেই সমিচীন নহয় কাৰণ একমাত্ৰ বৃহৎ ভৌগোলিক ভূখণ্ড বা স্থানে এটা জাতি নগঢ়ে।

৮)            সনাতনন ধৰ্মৰ মূল শিপাৰ পৰা জন্ম পোৱা আমাৰ মহান সভ্যতাৰ উপযুক্ত বা নায্য উত্তৰাধীকাৰী, ন্যাসৰক্ষী আৰু সুৰক্ষাকৱচ হিচাপে ভাৰত ৰাষ্ট্ৰৰ ইয়াক সুৰক্ষা দিয়া, সংৰক্ষণ কৰা, পুষ্টি বৰ্দ্ধন কৰা আৰু পৰৱৰ্তী কালৰ প্ৰজন্মলৈ অক্ষত অৱস্থাত ইয়াক পৰ্যৱসিত কৰাৰ বাবে সভ্যতাৰ দিশৰ পৰাও এক দায়িত্ববোধ আছে। সেয়েহে, ইতিহাসৰ এনে এক জটিল সন্ধিক্ষণত ই বৃহত্তৰ জনতাৰ স্বৰ্থৰ বিপৰীতে লোৱা ধাৰাবাহিক কাৰ্যই নহয়, বৰ্তমানে সভ্যতাবিৰোধী আইন-কানুন আৰু ৰাজহুৱা আদৰ্শ নীতিৰ প্ৰচলনে আমাৰ সভ্যতা-কেন্দ্ৰিক, ধাৰ্মীক আৰু সাংস্কৃতিক সত্তা আৰু ঐতিহ্যৰ অপূৰণীয় ক্ষতি সাধন কৰিছে আৰু ই এই সভ্যতাক অভাবনীয় ধ্বংসৰ মুখলৈ ঠেলি দিছে।

৯)            এইটো কোৱাটো অতিশয়োক্তি নহয় যে এনে এক দ্ৰুত ক্ষয়িষ্ণু  কাৰ্যৰ ফলত এক সুদীৰ্ঘকালীন জীৱিত সভ্যতা আৰু সংস্কৃতিৰ মূল উৎস, যাক লৈ আমি নায্যভাৱে গৌৰৱবোধ কৰাটো উচিত আৰু যি একমাত্ৰ ধৰ্ম আৰু সংস্কৃতিয়েই নহয়, যি কেৱল ধৰ্মীয় বাণীৰেই আধাৰ নহয়, যাক আমি সদায় প্ৰতিবোধোদয়েৰে অনুশীলন কৰোঁ, সেই উচ্চ আদৰ্শৰ “একম সৎ বিপ্ৰ বহুদা বদন্তি” আৰু যাক বসুধৈৱ কুটুম্বকম বুলি মানো, সেই সনাতন ধৰ্ম ৰক্ষাৰ বাবে যদিহে ভাৰত ৰাষ্ট্ৰই এটা জৰুৰী আৰু দীৰ্ঘদিনীয়া সংস্কাৰকামী বা শুধৰণীমূলক উদ্যোগ অতি ক্ষিপ্ৰতাৰে হাতত নলয় তেন্তে ই পৃথিৱীৰ বুকুৰ পৰা অতি সোনকালে অন্তৰ্হিত হৈ পৰাৰ আশংকাই দেখা দিছে । সেয়েহে আমি এতিয়া বিচাৰোঁ যে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস বুজাত সহায় কৰাতেই ক্ষান্ত নাথাকি, আমাৰ সভ্যতাৰ গৌৰৱ পুনৰপ্ৰাপ্তিত সহায় কৰা এক সাংস্কৃতিক নৱজাগৰণত পুষ্টি বৰ্দ্ধনৰ যোগান ধৰা জ্ঞান প্ৰদানকাৰী আইন কানুন আৰু ৰাজহুৱা আদৰ্শ নীতিৰ প্ৰৱৰ্তন কৰিব লাগে ।

১০)          উল্লিখিত তথ্যৰ আধাৰত আমি নিম্ন স্বাক্ষৰকাৰী ব্যক্তিবৃন্দই গভীৰভাৱে তিন্তা-চৰ্চা কৰাৰ পিছত সৰ্বসন্মতি সাপেক্ষে আমাৰ কিছু অতি জৰুৰী, প্ৰকৃত দাবীৰ ওপৰত তাৎক্ষণিক হস্তক্ষেপ কৰাৰ দাবী জনাবলৈ সংকল্পবদ্ধ হওঁ । আমি বিনম্ৰতাৰে অনুৰোধ কৰোঁ যে তলত স্পষ্টভাৱে উল্লেখ কৰা বিষয়ত হিন্দুসকলক যাতে সাংবিধানিক, ন্যায়িক আৰু ৰাজহুৱা আদৰ্শ এটাৰ আচৰণ-পদ্ধতি ন্যায়সংগতভাৱে আৰু সমভাৱে বিতৰণ কৰা পদ্ধতি অৱলম্বন কৰি পুনৰাই আশ্বস্ত কৰিব পাৰে। তেওঁলোকৰ মাজত যাতে এক উৎসাহ-উদ্দীপনাৰ ভাব সৃষ্টি কৰিব পাৰে আৰু যাতে তেওঁলোকৰ সমস্যাসমূহে ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত এটা গুৰুত্ব লাভ কৰাত সহায় কৰে।

১১)           এই দাবী-চনদ প্ৰস্তুতকৰণ আৰু দাখিলকৰণ গোটটোৰ বাহিৰেও সকলো হিন্দুৰেই এই চনদখনৰ প্ৰতি সমৰ্থন আছে।

Leave a Reply