নিউ দিল্লী, ছেপ্তেম্বৰ ২৩,২০১৮

কালি ২২ ছেপ্তেম্বৰত নতুন দিল্লীত হিন্দুসমাজক অতিকৈ প্ৰভাৱান্নিত কৰা বিভিন্ন ধৰণৰ সাংবিধানিক, ন্যায়িক আৰু ৰণ-নীতিগত সমস্যাবোৰৰ ওপৰত চিন্তা-চৰ্চা আৰু সিবোৰৰ পৰা নিৰাময়ৰ উপায় বিচাৰি দেশৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন ক্ষেত্ৰৰ পৰা অহা আধ্যাত্মিক নেতা বিদ্যায়তনিক বৃত্তিধাৰী পণ্ডিত, লেখক, ডাক্তৰ, অভিযন্তা, সাংবাদিক, জনপ্ৰিয় বুদ্ধিজিৱী আৰু এমুঠি সচেতন নাগৰিককে ধৰি প্ৰায় এশজনীয়া মানুহৰ গোট এটা মিলিত হয়। তেওঁলোকৰ এটাই উমৈহতীয়া মানসিক যন্ত্ৰনা। সেয়া হ’ল- হিন্দু সমাজৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া চৰকাৰী পদ্ধতিগত আৰু প্ৰতিষ্ঠিত বৈষম্য।

            গভীৰ চিন্তা-চৰ্চা আৰু আলোচনা-বিলোচনাৰ পিছত, এইটো সকলোৱে স্বীকাৰ কৰি লয় যে সনাতন ধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ আচৰণ বিধিৰ গুণগত গঢ় লোৱা ভাৰতীয় সভ্যতাৰ সুযোগ্য উত্তৰাধিকাৰী অতন্দ্ৰ প্ৰহৰী আৰু ন্যাসৰক্ষীহিচাপে অনুভৱ কৰে যে, ভাৰত ৰাষ্ট্ৰৰ এক অৱশ্যই মানিবলগীয়া দায়বদ্ধতা আছে যাৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ আৰু উন্নয়ন সম্ভৱপৰ হৈ উঠে।

            হিন্দুসকলৰ কিছুমান মৌলিক দাবীৰ ওপৰত সিদিনা বেছ পুংখানুপুংখ আলোচনা-বিলোচনা হয় আৰু সিবোৰৰ ওপৰত ভিত্ত কৰি এখন চনদ প্ৰস্তুত কৰা হয়। এই চনদ দিয়া হ’ব ভাৰত চৰকাৰক আৰু ভাৰতীয় জনগনক। চনদখনৰ দাবীবোৰ হ’লঃ

            ১)        ভাৰত চৰকাৰে ইমান দিন চলাই অহা পদ্ধতিগত আৰু প্ৰতিষ্ঠিত ন্যায়িক, সাংবিধানিক বৈষম্যৰ অৱসান ঘটক, যিটো ভাৰতৰ বিভিন্ন ধৰ্মীয় সত্তাক প্ৰতিনিধিত্ব কৰা নাগৰিকসকলে বিচাৰি ফুৰা সমতাৰ স্বপ্নৰ সম্পূৰ্ণ বিপৰীত মেৰুত দণ্ডয়মান। এনে পৰিণতিৰ বাবেই, এই গোটটোৱে সজোৰে দাবী কৰে যে ড সত্যপাল সিঙৰ “প্ৰাইভেট মেম্বাৰৰ বিল নং ২২৬/২০১৬” খন, যিখন আজিও লোকসভাত স্থগিত হৈ আছে; যিখনত সংবিধানৰ ২৬ নং অনুচ্ছেদৰ পৰা ৩০ অনুচ্ছেদলৈ সংশোধনৰ বাবে প্ৰাৰ্থনা কৰা হৈছে- সেইখন বিল- যি তলত উল্লেখিত বিষয়বস্তুৰ ওপৰত আধাৰিত আৰু য’ত বিচৰা হৈছে আন ভাৰতীয় নাগৰিকৰ দৰেই হিন্দুসকলৰ সম-অধিকাৰৰ স্বত্বটো সুনিশ্চিত হোৱাটো- সেইখন আগন্তুক সংসদীয় অধিৱেশনতেই গৃহিত হওঁকঃ

            ক)       প্ৰচলিত হৈ থকা শিক্ষানুষ্ঠানবোৰত ৰাষ্ট্ৰৰ অবাঞ্চিত হস্তক্ষেপ।

            খ)        চৰকাৰৰ নিয়ন্ত্ৰণত থকা হিন্দুৰ মন্দিৰ আৰু উপাসনাৰ থলীবোৰৰ দূৰীকৰণ আৰু সিবোৰৰ পৰিচালনাৰ দায়িত্ব হিন্দু সমাজক সমৰ্পণ।         

       গ) হিন্দুৰ ঐতিহ্যক্ষেত্ৰ আৰু সংস্কৃতিৰ সংৰক্ষণ।

            গোটৰ উপস্থিত সদস্যবৃন্দই প্ৰয়াত চাহাবুদ্দিন চাহাবক স্মৰণ কৰে- যিজনে বুজি পাইছিল বৃহৎ সংখ্যক হিন্দুৰ ওপৰত জাপি দিয়া সাংবিধানিক দুৰ্বলতাবোৰ, আৰু যিজনে লোকসভাত প্ৰাইভেট মেম্বাৰ্চ বিল নং ৩৬/১৯৯৫ উত্থাপন কৰিছিল; যাৰ উদ্দেশ্য আছিল উপযুক্ত সংশোধন ঘটাই সংবিধানৰ সেই অনুচ্ছেদৰ সুযোগৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছিল; যিজনে “সংখ্যালঘু সম্প্ৰদায়”ক “নাগৰিকৰ আটাইবোৰ গোট”ৰ দ্বাৰা পৰিৱৰ্তীত হোৱাটো কামনা কৰিছিল।

২)        ভাৰতৰ বহুত অনুষ্ঠান-প্ৰতিষ্ঠানলৈ বিদেশৰ পৰা এক বৃহৎ অংকৰ ধন আহে, তাৰ ভিতৰত বহু অনুষ্ঠান-প্ৰতিষ্ঠান আছে, যিবোৰৰ বিদেশী চৰকাৰৰ ছত্ৰছায়াত কিছুমান ব্যক্তিগত সংস্থাৰ দ্বাৰা ভাৰতত ন্যাস্ত স্বাৰ্থ পুৰণৰ অভিসন্ধিয়েই অধিক। এওঁলোকেই ভাৰতবৰ্ষত কূটাঘাতমূলক কাৰ্য কিছুমানত উদগনি যোগায়। সংঘৰ্ষ আৰু বিচ্ছিন্নতাবাদত ইন্ধন যোগায়। নিম্নোলিখিত চৰকাৰী তথ্যই ইঙ্গিত দিয়ে যে, কেন্দ্ৰীয় চৰকাৰবোৰৰ ৰাজনৈতিক ৰং যেনেধৰণেৰেই নহওঁক কিয় আৰু বৰ্তমানৰ চৰকাৰৰ এই বিষয়ত লোৱা দৃঢ় স্থিতি আৰু এই বিষয়ত বিশেষ আইন প্ৰৱৰ্তন কৰাৰ উত্তম সদিচ্ছাই নহওক কিয়, বিদেশী পুঁজিৰ বৰঙণিৰ পৰিমান দ্ৰত গতিৰে বাঢ়িয়েই আছে। এনেবোৰ কাৰ্যই আমাৰ আভ্যন্তৰীণ কামকাজৰ ওপৰত বৰ্দ্ধিষ্ণু ৰূপত অবাঞ্ছিত হস্তক্ষেপ অধিক স্পষ্টৰূপত প্ৰকটিত হৈছে। 

এছ আই নংবৰ্ষএফ চি আৰৰ অধীনত পোৱা টকাৰ পৰিমানপ্ৰসংগসমূহ
২০১০-১১১০,৮৬৫/- কোটিএম এইছ এ এল নং
২০১১-১২১১,৯৩৫/- কোটিII/২১০১১/৪৮(৯৭৪)/২০১৭
২০১২-১৩১২,৬১৪/- কোটিএফ চি আৰ এ- এন ইউ তাং ৭-১১-২০১৭
২০১৩-১৪১৪,৮৫৩/- কোটি আৰ টি আই ৰ প্ৰপত্ৰৰ উত্তৰত
২০১৪-১৫১৫,২৯৭/- কোটি 
২০১৫-১৬১৭,৭৬৫/- কোটি 
২০১৬-১৭১৮,০৬৫/- কোটিপি আই বি- এম এইছ বি-ৰ তাং ১ জুন, ২০১৮ত দিয়া প্ৰেছ বিজ্ঞপ্তি

            কেৱল জাতীয় গৌৰৱৰ বাবেই নহয়, যিহেতু আমি আভ্যন্তৰীণভাৱে যথেষ্ট ধন গোটাব পাৰোঁ, সেয়েহে, জাতীয় দূৰ্যোগবিলাকৰ সময়তো বিদেশী পুঁজিৰ ধন ল’বলৈ নিঃসংকোচে অস্বীকাৰ কৰিব লাগে। যিহেতু “বিনা পইচাত দুপৰীয়াৰ আহাৰ নাপায়” আৰু যিহতু ভাৰতবৰ্ষ এখন ভীক্ষাৰীৰ দেশ নহয়, সেয়েহে এই গোটৰ সমূহ সদস্যই কেন্দ্ৰীয় চৰকাৰক কাতৰভাৱে অনুৰোধ কৰোঁ যাতে চৰকাৰে অনতিপলমে সকলো ধৰণৰ বিদেশী পুঁজিৰ আগমনত নিষেধাজ্ঞা জাৰী কৰে কেৱল প্ৰৱাসী ভাৰতীয়ৰ ব্যক্তিগত সামৰ্থ্যৰ পুঁজিক বাদ দি। (যিহেতু প্ৰৱাসী ভাৰতীয়ৰ ভাৰতৰ সৈতে এক আবেগিক সংযোগ আছে)। প্ৰচলিত এফ চি আৰ এ চুক্তিখন ৰদ কৰি এইটো কৰিব লাগে আৰু অনতিপলমে এখন “ফৰেইন কণ্ট্ৰিবিউশ্বন (প্ৰহিবিশ্বন) আইন” লিখিতভাৱে বলবৎ কৰিব লাগে।

            ৩)       ভাৰতৰ থলুৱা হিন্দু জনগোষ্ঠীৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা, অনুশীলন আৰু প্ৰতীকসমূহ ভাৰতৰাষ্ট্ৰ আৰু ইয়াৰ সংস্থাসমূহৰ বা কোনো বাহিৰা শক্তিৰ অবঞ্ছিত হস্তক্ষেপত ক্ষোভ প্ৰকাশ কৰি মাননীয় সদস্যসকলে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ধৰ্মীয় স্বাধীনতাৰ চুক্তিখন আইনগতভাৱে বলবৎকৰণৰ ইচ্ছা পোষণ কৰিছে।   

            ৪)       কাশ্মীৰী হিন্দুসকলে ভূগি থকা গণ-হত্যা সদৃশ ধৰ্মীয় উৎপীৰণত বাধা প্ৰয়োগ কৰিবলৈ, তেওঁলোকে নিম্নোক্ত দাবীসমূহৰ আশু সমাধান বিচাৰিছে।

            ক)      জম্মু আৰু কাশ্মীৰৰ ত্ৰিখণ্ডিত বিভাজন, বিশেষকৈ কাশ্মীৰ, লাডাখ আৰু জম্মু এই তিনিটা অঞ্চলক তিনিখন ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগে।

            খ)       সংবিধানৰ ৩৭০ অনুচ্ছেদৰ ৰদকৰণ, যিটো কাশ্মীৰৰ বাবে এক সমস্যা হৈ পৰিছে আৰু তাৰ লগতে থকা ১৯৫৪ চনৰ “দ্য কনষ্টিটিউশ্বন (এপ্লিকেশ্বন টু জে এণ্ড কে)” নিৰ্দেশটোও ৰদ কৰিব লাগে। এইটোও চাব লাগে যাতে সাংবিধানিক নীতি-নিয়মৰ সাল-সলনিয়ে জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰয়োগ হৈ থকা বৈষম্যমূলক ৩৫-এ অনুচ্ছেদটোও ৰদকৰণৰ ভিতৰত পৰে।

            ৫/২০১৭-১৮ চনত প্ৰায় ১৪ লাখ টন গো-মাংস/মাংস ৰপ্তানি কৰি পৃথিৱীৰ বৃহত্তম গো-মাংস/মাংস ৰপ্তানিকাৰী দেশ হিচাপে ভাৰতবৰ্ষই প্ৰায় এক লজ্জাজনক মৰ্যাদা প্ৰতিষ্ঠা কৰিছে। এই বিষয়টো সংবিধানত অন্তৰ্ভূক্ত ৪৮ নং অনুচ্ছেদৰ প্ৰকৃত উদ্দেশ্যৰ বাবে সম্পূৰ্ণ পৰিপন্থী। এনে কাম-কাজে গো-মাংস/মাংসৰ মূল্য আকাশলংঘী কৰি তুলিছে। লগতে গো-মাংস/মাংসৰ লগত জড়িত মাফিয়া গোষ্ঠীৰ অভ্যুত্থানত অৰিহনা যোগাইছে।সেয়েহে এই গোটৰ সন্মানীয় সদস্যবৃন্দই- অনতিপলমে সকলোধৰণৰ গো-মাংস/মাংস ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা জাৰি হোৱাতো বিচাৰিছে। ইয়াৰ উদ্দেশ্য হ’ল, ঘৰুৱা বজাৰত ইবোৰৰ মূল্য হ্ৰাস কৰা, ইবোৰৰ সুলভতা বৃদ্ধি কৰা। লগতে পৰিৱেশৰ ওপৰত ইয়াৰ কুফল হ্ৰাস কৰা, সামাজিক সংঘৰ্ষক উৎখাত কৰা আৰু আইন-কানুনৰ সমস্যা লাঘৱ কৰা।

            ৬)      হিন্দুৰ হাজাৰ হাজাৰ মন্দিৰ আৰু উপাসনাস্থলী এতিয়া হয়তো অপবিত্ৰ কৰা হৈছে, নহয় ধ্বংস কৰা হৈছে নতুবা সিবোৰক ধ্বংসৰ অৱস্থালৈ পৰ্যৱসিত কৰা হৈছে। তদুপৰি বেদ পাঠশালা, পৰম্পৰাগত লোক-কলাৰ ৰূপ. সাহিত্য, নৃত্য, সংগীত, চিত্ৰাংকণ, স্থাপত্য-ভাস্কৰ্য, ইত্যাদি যিবোৰ আমাৰ একান্ত নিজস্ব ঐতিহ্যক্ষেত্ৰ আৰু যিবোৰ সনাতন ধৰ্ম আৰু সহস্ৰবছৰ পুৰণি সংস্কৃতিৰ সংবাহক, এই সকলোৱে এতিয়া মৃত্যুৰ ক্ষণ গণিছে। ইয়াৰ কাৰণ প্ৰকৃত পৃষ্ঠপোষকতাৰ অভাৱ আৰু ইয়াৰ অনুশীলনকাৰীসকলৰ দৈনিক জিৱীকাৰ প্ৰতি অহা ভাবুকি। সেয়ে এই গোটে ভাৰতৰাষ্ট্ৰক ইয়াৰ সভ্যতা-কেন্দ্ৰিক দায়বদ্ধতা সোৱৰাই দি কাতৰভাৱে অনুৰোধ কৰোঁ যে যাতে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এখন ৰাজহুৱা খণ্ডৰ আণ্ডাৰটেকিঙ স্থাপনৰ কাম হাতত লয়, যাৰ নাম হ’ব- “হৈন্দ মমক্ৰুটি জীৰ্ণোদ্ধাৰণা নিগম”(হিন্দু সংস্কৃতি পুণৰুদ্ধাৰ নিগম)। তাৰ লগত স্থাপন কৰক এখন ক্ষুদ্ৰ ৰাজধানী, যাৰ নিৰ্মানত খৰচ হ’ব ১০,০০০/-কোটি টকা, লগত বাৰ্ষিক অনুদানৰ বাবে সম পৰিমানৰ টকা-যিবোৰ ব্যয় হ’ব ক্ষতিগ্ৰস্ত, অপবিত্ৰকৰণ, পৰিত্যক্ত আৰু শোচনীয় অৱস্থাৰ হিন্দুৰ মন্দিৰবোৰৰ আৰু পবিত্ৰ স্থানবোৰৰ পুনৰনিৰ্মান আৰু পুনৰুদ্ধাৰৰ নামত, বোদ পাঠশালা, বিভিন্ন ধৰণৰ পৰম্পৰাগত লোক-কলাৰ নতুন ৰূপ প্ৰদান, নৃত্য, সংগীত ভাস্কৰ্য, স্থাপত্য, চিত্ৰাঙ্কণৰ নৱ-জীৱন সঞ্চাৰণ, প্ৰতিপালন, পৃষ্ঠপোষকতা আৰু উন্নয়নৰ নামত, ইত্যাদি ইত্যাদি।

            ৭) ২০১৪ চনৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা মনত ৰাখি আৰু য’ত স্বীকাৰ কৰা হৈছে যে “ভাৰতবৰ্ষ উৎপীড়িত হিন্দুসকলৰ বাবে এখন দ্বিতীয় স্বাভাৱিক ঘৰ হিচাপে পৰিগনিত হ’ব আৰু তেওঁলোকে ইয়াত আশ্ৰয় বিচাৰিলে তেওঁলোকক স্বাগতম জনোৱা হ’ব।” কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনত লোকসভাত নাগৰিকত্ব আইনৰ সংশোধন কৰাৰ স্বাৰ্থত এখন বিল উত্থাপন কৰিছে, যিখন তেওঁলোকে নিৰ্বাচিত কৰা সদস্যৰ নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিছে য়দিও সি এতিয়াও স্থগিত হৈ আছে। বৰ্তমানে বিলখন যিটো ৰূপত আছে সন্দেহজনক সাংবিধানিক বৈধতা বা গ্ৰাহ্যতা তাত হেঙাৰস্বৰূপ হৈ পৰিছে।এই ক্ষেত্ৰত অৱশ্যে উত্তৰ পূব ভাৰতৰ কিছু ৰাজ্যৰ একাংশ লোকৰ প্ৰকৃত উদ্বিগ্নতাৰ কথাটোও পোনচাতেই নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত অই ৰাজ্যবোৰৰ সৈতে অৱশ্যেই কেন্দ্ৰীয় চৰকাৰে আলোচনা-বিলোচনা কৰাৰ থল আছে। সেয়েহে, এই গোটৰ মাননীয় সদস্যসকলে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে তেওঁলোকে-

            ক)      অনতিপলমে স্থগিত হৈ থকা নাগৰিকত্ব (সংশোধনী) বিল ২০১৬খন প্ৰত্যাহাৰ কৰক।

            খ)       অনুচ্ছেদ ১১-এ নামৰ বলিষ্ঠ অনুচ্ছেদটো সংবিধানত সুমুৱাই সংবিধানৰ সংশোধন আৰম্ভ কৰক।

            গ)       সেইবোৰৰ পিচত ২০১৮ চনৰ নতুন নাগৰিকত্ব (সংশোধনী) বিলখন দাখিল কৰি সংসদৰ আগন্তুক অধিৱেশনতে ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনৰ সংশোধন সমাপ্ত কৰক।

            ৮)       আজিৰ দিনত চলি থকা আনুষ্ঠানিক বৈষম্যবোৰ দূৰ কৰি সকলো ভাৰতীয় ভাষাতেই এক সম সুযোগৰ পৰিৱেশ সৃষ্টি কৰাটো এক অতীৱ প্ৰয়োজনীয় কথা। এইবোৰ কৰিলে এনে কাৰ্যই এক অৰ্থনৈতিক আৰু সাংস্কৃতিক নৱজাগৰণৰ সৃষ্টিত ইন্ধন যোগাব। যিহেতু ভাৰতীয় জনসংখ্যাৰ এক বৃহৎ অংশক বিকাশ আৰু ন্যায়প্ৰাপ্তিৰ পৰা বাদ দি থকা হৈছে, যিটো ৰাষ্ট্ৰৰ কেৱল ভাষিক বৈষম্যৰ ফলতেই সৃষ্টি হৈছে।

            যিহেতু এই চনদখন ভাৰতৰ কিছু বিখ্যাত নাগৰিকৰ দ্বাৰা লিখা হৈছে, এই চনদে অন্তৰ্ভূক্ত কৰিব কিছু বিশেষ দাবী আৰু নীতিৰ আধাৰত কতৰা পা-পৰামৰ্শ, সিবোৰে চৰকাৰ আৰু বিধায়িনী মণ্ডলক সহায় কৰিব। এতিয়ালৈকে বঞ্চিত কৰি ৰখা হিন্দু সম্প্ৰদায়ক দেশৰ আন আন সম্প্ৰদায়ৰ সৈতে সম-অধিকাৰ প্ৰদানত সুনিশ্চতকৰণ কাৰ্যত। এইবোৰ সমতা, ন্যায় আৰু স্বাধীনতা আমাৰ কাম্য, গণতন্ত্ৰৰ স্বাস্থ্য আৰু প্ৰণৱন্ততাৰ বাবে অতি দৰকাৰী আদৰ্শ। এইবোৰে সহায় কৰিব এখন সঁচা ধৰ্ম নিৰপেক্ষ বা ধৰ্ম-অপ্ৰধান বৈধ সুশাসন আৰু জনতাৰ চৰকাৰ আৰু এনে এক সুন্দৰ ৰাজনীতি, যিটো ৰাজনীতিক পূৰ্বালোকন কৰি ধন্য মানিছিল ড আম্বেদকাৰকে ধৰি আমাৰ সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃগণে।

                                                            চি, সুৰেন্দ্ৰনাথ, চেন্নাই

                                                            ড হৰিথা পুৰছালা, বাংগালোৰ

                                                            ড০ ঈশাঙ্কুৰ শইকীয়া, গুৱাহাটী

                                                            ড০ ভাৰত গুপ্ত, নতুন দিল্লী

                                                            তপন ঘোষ, কোলকাটা

                                                            (গোটৰ সমূহ সদস্যৰ হৈ)

Leave a Reply