হিন্দুৰ উপাসনাৰ হেজাৰ হেজাৰ স্থানক হয়তো অপবিত্ৰ কৰা হৈছে নতুবা ধ্বংস কৰা হৈছে আৰু তেনে অসংখ্য থলী হয়তো শোচনীয় বা পৰিত্যক্ত অৱস্থাত আছে। তথাপি স্বাধীনতাৰ ৭০ বছৰ পিছতো, ইয়াৰ অধিকাংশ উপাসনাস্থলী হয়তো অব্যৱহৃত অৱস্থাত আছে নতুবা ন-কৈ মেৰামতি নোহোৱা অৱস্থাত আছে। সকলো হিন্দু মন্দিৰ আৰু পবিত্ৰ স্থান যিবোৰ শোচনীয় অৱস্থাত, অপৱিত্ৰ হৈ বা এক ধ্বংসস্তুপতৰ পূৰ লৈ আছে, আনকি এ.এচ.আই আৰু ৰাজ্যিক পুৰাতত্ত্বিক বিভাগৰ অধীনত থকা এনেবোৰ উপাসনাস্থলীকো পুণৰ নিৰ্মাণ কৰি আৰু সেইবোৰক আদিৰ পৰা মৌলিক অৱস্থাত পুণৰুদ্ধাৰ কৰা কাৰ্য সমপূৰ্ণ কৰিব লাগে আৰু তাত পূজা-পাতলৰ ব্যৱস্থা কৰিব লাগে।

তদুপৰি বেদ পাঠশালাবোৰ, পৰম্পৰাগত আৰু লোক সাংস্কৃতিক কেন্দ্ৰবোৰ, সাহিত্য, নৃত্য, সংগীত, চিত্ৰকলা, স্থাপত্য কলা ইত্যাদি ইত্যাদি যিবোৰ আমাৰ বাবে অবোধগম্য পৰম্পৰা হৈ আছে সেই সকলোখিনি আৰু সনাতন ধৰ্মৰ পুষ্টিসাধন কৰা আৰু সিবোৰক সম্প্ৰচাৰ কৰি থকা বাহকবোৰ-এই আটাইবোৰ পৃষ্ঠপোষকতাৰ অভাৱত আৰু অনুশীলনকাৰীসকলৰ জীৱিকাৰ তাড়নাত মৃত্যুমুখী যাত্ৰাত যোগ দিছে। এইটো নকলেও জনা কথা যে সনাতন ধৰ্ম হ’ল আমাৰ সভ্যতাৰ আধাৰশিলা আৰু যদিহে এনেকুৱা সনাতন ধৰ্মক পুষ্টিসাধন কৰা নহয় আৰু তাক পৃষ্ঠপোষকতা প্ৰদান কৰা নাযায়- তেন্তে এই মহান আৰু একমাত্ৰ প্ৰাচীন জীৱন্ত সভ্যতাৰ অধিকৰৰেই সমাপ্তি ঘটিব- যাৰ বাবে আমি স্বাধীন ভাৰতৰ হিন্দুসকলেই মাথোঁ অকলশৰীয়াকৈ দায়ী হ’ম।

এই কাৰণেই ২০১৪ চনৰ বি.জে.পিৰ নিৰ্বাচনী ইস্তাহৰৰ সূচনাত আৰু এক উপশীৰ্ষত থকা ঐতিহ্য ক্ষেত্ৰৰ বিষয়ে লিখিত কথাখিনি অনুধাৱন কৰি আৰু বি.জে.পিৰ অবিচলিত অঙ্গীকাৰৰ কথা মনত ৰাখি প্ৰস্তাৱিত “হৈন্দৱ সমস্ক্ৰুত্যি জীৰ্ণোদ্ধাৰণা নিগম” লেখীয়া হিন্দু সংস্কৃতি পুনৰুদ্ধাৰ নিগম নামেৰে ভাৰতবৰ্ষক এটা সুদৃঢ় সভ্যতাৰ ভেটিত নিৰ্মাণ কৰিবলৈ আমি কেন্দ্ৰীয় ৰাজহুৱাখণ্ড স্থাপনৰ উদ্যোগ ল’ব লাগে । ইয়াৰ বাবে স্থাপন কৰিব লাগিব প্ৰথমখন ৰাজধানী যাৰ নিৰ্মাণত ব্যয় হ’ব প্ৰাথমিক মূলধন হিচাপে অতি কমেও ১০,০০০.০০ কোটি (দহ হাজাৰ কোটি টকা) টকা, লগতে থাকিব লাগিব নিয়মিতভাৱে বাৰ্ষিক সমপৰ্যায়ৰ টকাৰ অনুদানত সন্মতি। এই নিগমৰ দাবীৰ চনদত সকলো পৱিত্ৰ স্থান আৰু সকলোধৰণৰ হিন্দু মন্দিৰৰ (যিবোৰ মন্দিৰ ধ্বংসপ্ৰাপ্ত অৱস্থাত বা শোচনীয় অৱস্থাত বা পৰিত্যক্ত অৱস্থাত আছে) সেইবোৰৰ পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ কামবোৰ থাকিব লাগিব আৰু অন্তৰ্ভূক্ত হ’ব লাগিব । বেদ শিক্ষাৰ পাঠশালাবোৰৰ পুনৰজীৱিতকৰণ, পুষ্টিসাধন, পৃষ্ঠপোষকতা আৰু উন্নয়নৰ ব্যৱস্থা ল’ব লাগিব । বিভিন্ন ঐতিহ্যমণ্ডিত আৰু লোকাচাৰ সমৃদ্ধ শিল্পকলাৰ বিভিন্ন ৰূপবোৰ, নৃত্য, সংগীত, স্থাপত্য, চিত্ৰকলাবোৰৰ বুজন পৰিমানৰ নিয়োগ ব্যৱস্থাৰ আৰু জীৱন-জীৱিকাৰ সুযোগ-সুবিধাৰ বাতাবৰণো সৃষ্টি কৰিব।

Leave a Reply