গৰু, ম’হ আদি জন্তুবোৰৰ প্ৰাধান্য ধৰ্মৰ বাহিৰেও গ্ৰাম্য অৰ্থনীতিৰ এই জন্তুবোৰ প্ৰধান স্তম্ভ সদৃশ। মাংস/গো-মাংসৰ ক্ষেত্ৰত ৰপ্তানি ব্যৱস্থাত  ঘটা অভাৱনীয়- উত্থান ঘটি ভাৰতবৰ্ষ বৃহত্তম ৰপ্তানিকাৰী দেশ হিচাপে কুখ্যাতি লভিছে। কেৱল ২০১৭-১৮ চনতেই ১৮ লাখ টন মাংস/গো-মাংস ৰপ্তানি কৰা হৈছে। কেন্দ্ৰীয় ৰপ্তানিৰ বাবে ঘৰুৱা বজাৰত ইয়াৰ মূল্য আকাশ লংঘিছে। এইটোৱেই আকৌ গো-মাংস/মাংস যোগানকাৰী মাফিয়াবোৰৰ উত্থানত ইন্ধন যোগাইছে, আৰু গৰু-ম’হৰ চৌৰ্যবৃত্তি, বৃহৎ পৰিসৰত গৰু-ম’হৰ চালান, এইবোৰৰ অবৈধ নিধন কাৰ্য আৰু ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰবোৰলৈ কৰা চোৰাং বেপাৰে এক ভয়াৱহ ৰূপ গ্ৰহণ কৰিছে ইত্যাদি ইত্যাদি। ভাৰতৰ ২৯ খন ৰাজ্যৰ ২০ খনতেই গো-নিধন বা পশু-নিধন আইন বলবৎ থকা স্বত্ত্বেও এনেবোৰ দুষ্কাৰ্য ঘটিয়েই আছে।

যিহেতু ৰাজ্যিক চৰকাৰসমূহ মাংস/গো-মাংসৰ মাফিয়াবোৰক নাকী লগোৱাত ব্যৰ্থ হৈছে, দেশৰ অগণন স্থানীয় সমিতি একগোট হৈ এই ভয়াৱহ ভাবুকি প্ৰতিৰোধ কৰিবলৈ একগোট হৈছে। কাৰণ, এইবোৰ যে তেওঁলোকৰেই জীৱ-জন্তু, জীৱিকাৰ একমাত্ৰ সম্বল-যাক বলপূৰ্বক কাঢ়ি লোৱা হৈছে আৰু য’ত গৰুকে ধৰি কিছুমান জন্তুৰ প্ৰতি তেওঁলোকৰ ধৰ্মীয় আৱেগ জড়িত হৈ আছে।  মাংস/গো-মাংসৰ মাফিয়া চক্ৰৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিৰোধ আন্দোলনে দেশত আইন-শৃখলাৰ সমস্যাৰ সৃষ্টি কৰিছে- যিবোৰক মাফিয়া চক্ৰৰ (প্ৰভূত ধনবল আৰু বাহুবল থকা) সমৰ্থনত কেৱল “গণ-প্ৰহাৰ” আখ্যাৰে বুজাব খোজা হৈছে। দেশ আৰু চৰকাৰৰ নিকা ভাবমূৰ্ত্তি ভু-লুণ্ঠিত কৰাৰ কু-অভিসন্ধিৰ কথা পোহৰলৈ অহাৰ পিছতো ইয়াৰ বন্যপ্ৰচাৰে এনে মাত্ৰা লভিছে যে উচ্চতম ন্যায়ালয়েও এই সম্পৰ্কত এখন আইন বিধিবৎ জাৰিৰ বাবে আদেশ দিছে। এনে ঘৃণনীয় কাহিনীৰ প্ৰচাৰত বাধা দিয়াৰ দায়বদ্ধতা ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা লোৱাটো যুগুত হ’ব।

কাৰণঃ

ক)            সংবিধানৰ ৪৮ নং অনুচ্ছেদৰ প্ৰতি বীতশ্ৰদ্ধ হৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ লাভৰ আশাত  মাংস/গো-মাংস ৰপ্তানিৰ বিশেষ উদ্যোগ হাতত লৈছে আৰু তাৰ বাবেই ভাৰতবৰ্ষক মাংস/গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত বৃহত্তম ৰপ্তানিকাৰী দেশ হিচাপে প্ৰতিষ্ঠিত কৰিছে।

খ)            দ্বিতীয়তে, ৰাজ্য চৰকাৰবোৰে মাংস/গো-মাংসৰ চোৰাং বেপাৰ কৰি মাফিয়াবোৰৰ ওপৰত আইনী ব্যৱস্থা জাপি দিয়াত চুড়ান্তভাৱে ব্যৰ্থ হৈছে।

সেয়েহে, হৈছে-মাংস/গো-মাংসৰ মাফিয়া চক্ৰৰ অবৈধ কাৰ্যকলাপৰ বাবে সৃষ্টি হোৱা সামাজিক বিশৃংখলা আৰু আইন-কানুনৰ সমস্যাবোৰ প্ৰতিৰোধৰ বাবে এখন তৎকালীনভাৱে জৰুৰী নিষেধাজ্ঞা জাৰি কৰা অতি প্ৰয়োজন হৈ পৰিছে। অতিৰিক্তভাৱে চৰকাৰক এই বুলি আদেশ দিয়া হৈছে যে সংবিধানৰ ৪৮ নং অনুচ্ছেদৰ চৰ্তবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত সভ্যতাকেন্দ্ৰিক অংগীকাৰ পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিব।

এনে পৰিপ্ৰক্ষিতত, আমি কেন্দ্ৰীয় চৰকাৰক ক্ষীপ্ৰগতিৰে কাৰ্য-ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাওঁ-

ক)            পশুধন, গো-মাংস, মাংস আৰু সিবিলাকৰ পৰা উৎপাদিত দ্ৰব্যসমূহৰ ৰপ্তানি সম্পূৰ্ণভাৱে নিষিদ্ধ কৰক।

খ)            ‘এগ্ৰিকালচাৰেল এণ্ড প্ৰোচেচড্ ফুড প্ৰডাক্টচ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি এক্ট, ১৯৮৫’ খন “মাংস, মাংসযুক্ত উৎপাদিত সামগ্ৰী আৰু পশু-নিধনৰ কচাইখানাবোৰ” আদি শব্দ বাদ দিয়াৰ বাবে সংশোধন কৰক।

গ)            ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত বি,জে,পিয়ে দিয়া প্ৰতিশ্ৰুতিবোৰ মনত ৰাখি সমস্ত ভাৰত ৰাষ্ট্ৰকে সামৰি “দ্য এগ্ৰিকালচাৰেল কেটল প্ৰিজাৰ্ভেশ্বন”খন আৰু কিছু ৰাজ্যত প্ৰৱৰ্তিত হৈ থকা চত্তিশগড় এগ্ৰিকালচাৰেল কেটল প্ৰিজাৰ্ভেশ্বন এক্ট, ২০০৪ সংবিধানৰ ৭ ম সূচীৰ সমকালীন তালিকাত থকা ১৭ নম্বৰ তালিকা অনুসৰি বিধিবৎ আইন প্ৰয়োগ কৰক।

আমি আকৌ অনুৰোধ কৰোঁ যে এনে বিধায়িনী কুচকাৱাজ যাতে বৰ্তমানৰ সংসদত চলিব লগা আগন্তুক অধিৱেশনতেই সম্পূৰ্ণ হয়। বিকল্পভাৱে, সংসদীয় আইনজাৰী কাৰ্য স্থগিত ৰাখি এই বিষয়ত আন এখন আধ্যাদেশ জাৰী কৰক।