আমাৰ সংবিধানমতে, ৰাষ্ট্ৰৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই আৰু সকলো ধৰ্মৰ মানুহকেই সমভাৱে শ্ৰদ্ধা কৰিব লাগে। সংবিধান সভাৰ বিতৰ্কৰ উপ-অনুচ্ছেদত এইটো স্পষ্ট হৈ আছে যে বৃহৎ সংখ্যক জনসাধাৰণৰ বাবে নিৰ্দ্ধাৰণ কৰা অধিকাৰবোৰ কেৱল সংখ্যালঘুসকলৰ সন্তুষ্টিৰ স্বৰ্থতেই স্পষ্টভাৱে ব্যৱহাৰ কৰা হৈছে। সেয়াও আকৌ দেশৰ দ্বিখণ্ডিতকৰণৰ পিছত উদ্ভৱ হোৱা কিছুমান আচহুৱা পৰিৱেশৰ বাবেই এনে ব্যৱস্থা লোৱা হৈছে। কোনো কাৰণতেই সংখ্যালঘুসকলক দিয়া অধিকাৰৰ দৰে সংখ্যাগুৰুসকলৰ অধিকাৰৰ মাজত কিবা বৈষম্য ৰখাতো আমাৰ সংবিধান প্ৰণেতাসকলৰ অভিপ্ৰায় নাছিল । তথাপি সংবিধানৰ ২৫ ৰ পৰা ৩০ অনুচ্ছেদৰ অপব্যাখ্যাক এনে পৰ্যায়লৈ নিয়া হ’ল যে সংখ্যাগুৰুৰ বহুত অধিকাৰক সংখ্যালঘুৰ স্বাৰ্থতহে ব্যৱহাৰ কৰা দেখা গ’ল যাৰ ফলত সংখ্যাগুৰুসকলৰ মনত এটা বৈষম্যৰ অস্বাস্থ্যকৰ আৱেগ-অনুভূতিয়ে ক্ৰিয়া কৰিবলৈ ল’লে। এইটো নক’লেও হয় যে ৰাষ্ট্ৰৰ নাগৰিকৰ ভিতৰৰ এটা অংশই, সেয়া লাগিলে সংখ্যাগুৰুৱেই হওঁক বা সংখ্যালঘুৱেই হওঁক, যদি কোনোবাই ৰাষ্ট্ৰৰ প্ৰতি সঁচা-মিছা বা কল্পিত কিবা অভাৱ-অভিযোগ মনৰ মাজত পোষণ কৰিবলগীয়া হয়- সেয়া কিন্তু নিশ্চতভাৱে ৰাষ্ট্ৰৰ সামগ্ৰীক স্বাৰ্থৰ পৰিপন্থীহে হ’বলৈ বাধ্য হ’ব।

প্ৰয়াত চাহাবুদ্দিনে সাংবিধানিকভাৱে সংখ্যাগুৰু হিন্দুৰ ক্ষেত্ৰত দেখুওৱা দুৰ্বলতা বা বৈষম্যৰ কথা হৃদয়ংগম কৰি ১৯৯৫ চনত লোকসভাত এখন “প্ৰাইভেট মেম্বাৰ্চ বিল”ৰ (বিল নং ২৬)ৰ কথা উত্থাপন কৰিছিল। সেই বিলৰ লক্ষ্য আছিল উপযুক্ত সংশোধনৰ দ্বাৰা সংবিধানৰ ৩০ নং অনুচ্ছেদৰ পৰিধিৰ পৰিৱৰ্তন ঘটোৱা। সেই বিলত সংবিধানৰ উক্ত অনুচ্ছেদত থকা “সংখ্যালঘুসকলক” শব্দটো “নাগৰিক সমাজৰ সকলো অংশলৈ” বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনাইছিল।

সেয়েহে, ধৰ্মীয় দৃষ্টিৰে নাচাই এই দেশৰ সকলো নাগৰিকৰ মাজত সমতাৰ ভাব সৃষ্টি কৰিবলৈ, বৈষম্যমূলক ন্যায়িক চৰকাৰী পদ্ধতিৰ অৱসান ঘটাবলৈ আৰু সাংবিধানিক তথা ন্যায়িক সমতা সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰৱৰ্তাবলৈ সংবিধানৰ ২৬ ৰ পৰা ৩০ নং অনুচ্ছেদৰ উপযুক্ত সংশোধনৰ ব্যৱস্থা কৰা এক বাধ্যতামূলক আইনৰ প্ৰয়োজনীয়তা আহি পৰিছে যাতে হিন্দুসকলেও একেই অধিকাৰ একেই সুবিধা আৰু সংখ্যালঘুসকলক দিয়াৰ দৰে একেই আইনী সুৰক্ষা লাভ কৰিব পাৰে। এনে ক্ষেত্ৰত তলত উল্লেখ কৰা দিশবোৰ প্ৰয়োগ কৰিব লাগে।

ক)            উপাসনাস্থলিৰ বাবে চৰকাৰী ব্যৱস্থাপনা (মন্দিৰ, ধৰ্মীয় ভূমি বা পুঁজি দান) প্ৰদান কৰা।

খ)            চৰকাৰী আঁচনি, জলপানি, সা-সুবিধাৰ অধিকাৰ প্ৰদান কৰা।

গ)            শিক্ষানুষ্ঠানবোৰত পৰম্পৰাগত ভাৰতীয় জ্ঞান আৰু প্ৰাচীন পুথি-পাজিৰ ওপৰত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা।

ঘ)            পচন্দ অনুসৰি শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপন আৰু প্ৰশাসনত সন্মতি প্ৰদান কৰা আৰু সেইবোৰত চৰকাৰী বা চৰকাৰী সংস্থাবোৰৰ অবাঞ্চিত হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থকাৰ ব্যৱস্থা প্ৰদান কৰা।

এই ক্ষেত্ৰত ড° সত্যপাল সিঙে (মন্ত্ৰী হোৱাৰ পূৰ্বে) লোকসভাত সংবিধানৰ অনুচ্ছেদ ২৬ৰ পৰা ৩০লৈ সংশোধন প্ৰাৰ্থনা কৰি এখন ব্যক্তিগত সদস্যৰ বিল (বিল নং ২৬৬/২০১৬) দাখিল কৰিছিল।

আমি দৃঢ়তাৰে ক’ব খোজো যে সংশোধন বিচাৰি কৰা প্ৰস্তাৱিত এই বিলত কোনো নিৰ্দিষ্ট গোষ্ঠীৰ অধিকাৰ কাঢ়ি অনাৰ কোনো অভিপ্ৰায় নাই কিন্তু ইয়াৰ দ্বাৰা এইটো সুনিশ্চত কৰিব বিচাৰিছে যে হিন্দু সম্প্ৰদায়কে ধৰি সকলো সম্প্ৰদায়ৰ গোষ্ঠীৰ মাজত বৰ্তমানে সংখ্যালঘু সম্প্ৰদায়ে এককভাৱে উপভোগ কৰি থকা সকলো ধৰণৰ অধিকাৰ, সা-সুবিধাবোৰ সমভাৱে আৰু আইনীগতভাৱে বিতৰণ কৰা হওঁক।

প্ৰতিলিপিঃ

১)             ড° সত্যপাল সিং ব্যক্তিগত সদস্যৰ বিল নং ২৬৬/২০১৬ (লোকসভাত দাখিল কৰা); (২) চৈয়দ চাহাবুদ্দিনৰ ব্যক্তিগত সদস্য বিল নং ৩৬/১৯৯৫ (লোকসভাত দাখিল কৰা) নথি নং ২ আৰু ৩ ৰূপত প্ৰাসংগিকতাৰ বাবে সংলগ্ন কৰা হ’ল।

সেইদৰে, লোকসভাত স্থগিত হৈ থকা ড সত্যপাল সিঙৰ ব্যক্তিগত সদস্যৰ বিল নং ২২৬/২০১৬খন সমাগত সংসদীয় অধিৱেশনত গৃহীত কৰিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালোঁ।

Leave a Reply