পৃথিৱীৰ সকলো বৃহৎ ৰাষ্ট্ৰই বিকাশ সাধনত সক্ষম হৈছে উচ্চ শিক্ষা আৰু যান্ত্ৰিক শিক্ষাৰ বাবে সাধাৰণ মানুহৰ উমৈহতীয়া ভাষা অনুশীলন কৰে। ভাৰতৰ বাবে এইটো এটা দুখৰ কথা যে স্বাধীনতাৰ ৭০ বছৰ পিছতো, ইংৰাজী ভাষা স্বৰূপে এতিয়াও সেই ভাষাই ভাৰতৰ মাটিত বিজয় ধ্বজা উৰাই আছে। দেশৰ উচ্চ ন্যায়ালয়ত এজন ভাৰতীয়ই তেওঁৰ ভাষা ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোকৰ নিজৰ ভাষাত কোনো পেছাদাৰী বিষয়ৰ স্নাতক হ’ব নোৱাৰে। ইংৰাজী ভাষা, প্ৰচেষ্টাৰ পথাৰখন তেওঁলোকৰ বাবে এক বাধা স্বৰূপ হৈ পৰিছে।

এনেকুৱা পৰিৱেশত ইংৰাজী মাধ্যমক কেৱল বুনিয়াদী শিক্ষালৈ ঠেলি দি সুস্থ কৰি তুলিব নোৱাৰি। ইউনেস্কৰ নিদৰ্শনকাৰী ভূমিকাত আছে যে কেবা দশকজুৰি এটা শিশুৱে নিজ মাতৃভাষাতহে উত্তম জ্ঞান লাভ কৰিব পাৰে। বহুত বৈজ্ঞানিক গৱেষণাই এই সত্যক প্ৰতিপন্ন কৰিছে। সকলো পৰ্যায়লৈ ইংৰাজী ভাষাক ঠেলি দিলে এই ভাষাই সহজেই ভাৰতীয় শিশুবোৰৰ মানসিকতাক কোঙা কৰি দিব। তেওঁলোক ডিজিটেল আৰু বৈজ্ঞানিক পৃথিৱীয়ে সৃষ্টি কৰা সা-সুযোগবোৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিজৰ বিকাশ বা উন্নয়নত ক্ষতিগ্ৰস্থ হ’ব।  ই আমাৰ নৃতত্ত্ব, ভূগোল বিজ্ঞানৰ বাবেও অভিশাপ স্বৰূপ হৈ পৰিব। ইংৰাজী মাধ্যমৰ শিক্ষাক ধন্যবাদ, পশ্চিমক অন্ধভাৱে সকলো দিশতে অনুসৰণ কৰি যুগ যুগ ধৰি চলি থকা বৃহৎ প্ৰাণৱন্ত সভ্যতা এটা থকা স্বত্বেও, আমি সভ্যতাৰ পুতলা-মেকুৰীলৈ ৰূপান্তৰিত হৈছোঁহঁক । আমি দ্ৰুতগতিৰে হেৰুৱাই থকা নিজস্ব পদ ভূমি ঘুৰাই পাবলৈ আৰু আমাৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ বাবে, ভাৰতবৰ্ষক এটা সঁচা জ্ঞান-ভিত্তিক, প্ৰাচীন প্ৰাণৱন্ত সমাজৰ অভিজ্ঞতাৰ ভেটিত বিকাশ প্ৰদান কৰিবলৈ, এইটো বৰ জৰুৰী কথা হৈ পৰিছে যে আমি আমাৰ সন্তানসকলক নিজ মাতৃভাষাৰে শিক্ষিত কৰি তুলিব লাগিব।

এইটো লক্ষনীয়ভাৱে হৃদয়বিদাৰক কথা যে, বি. জে. পিয়ে ইয়াৰ ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰা অনুসৰি ভাৰতীয় ভাষাবোৰৰ উন্নয়নৰ বাবে অঙ্গীকাৰবদ্ধ বুলি কৈছে।

“ভাষাবোৰঃ ভাৰতীয় ভাষাবোৰ আমাৰ সাহিত্যৰ, ইতিহাসৰ, সংস্কৃতিৰ, কলা আৰু বৈজ্ঞানিক সমলৰ বিশাল ভাণ্ডাৰ স্বৰূপ। আমাৰ বেছিভাগ কথিত ভাষাই আমাৰ ঐতিহ্য জনাৰ একমাত্ৰ উৎস। বি. জে. পিয়ে ভাৰতীয় ভাষাবোৰৰ বিকাশ সাধন কৰিব আৰু সকলো ভাৰতীয় ভাষাৰ উন্নয়নৰ বাবে পদক্ষেপ ল’ব যাতে এখন জ্ঞানদীপ্ত সমাজ সৃষ্টিৰ ক্ষেত্ৰত সেইবোৰ এক শক্তিশালী বাহক হৈ পৰে ।”

উল্লিখিত তথ্যবোৰৰ বাস্তৱলৈ ৰূপান্তৰ ঘটোৱাত, আমাৰ শিশুবোৰ আৰু যুৱচামে অধ্যয়নৰ উচ্চতম পৰ্যায়লৈ ভাৰতীয় ভাষাতেই যেন সুবিধাবোৰ লাভ কৰক তাৰ বাবে এক বৈধ জনাদেশৰ প্ৰয়োজন। সকলো ভাৰতীয় ভাষাৰ এনে প্ৰয়োগেহে তেওঁলোকক পেছাদাৰী বা আধ্যাত্মিক বিষয়ত উচ্চতম পৰ্যায়লৈ যোৱাত সহায় কৰিব। পচন্দৰ ৰাজহুৱা খণ্ডত নিয়োগ, বৃত্তিলাভ, সুদৰ পৰা ৰেহই (বিশেষকৈ শৈক্ষিক ঋণৰ বাবে) ইত্যাদি সুযোগবোৰ ভাৰতীয় ভাষাত শিক্ষালাভৰ বাবে উৎসাহিত কৰাৰ দৰকাৰ। সকলো প্ৰশাসন, আদালত, সকলো প্ৰতিযোগিতামূলক পৰীক্ষা, সকলো ধৰণৰ পৰীক্ষা- পৰিচালিত হ’ব লাগে এনে ধৰণৰ অধ্যক্ষৰে যিজনে সকলো ভাৰতীয় ভাষাকেই বুজি পায়। সেয়া আকৌ, কেন্দ্ৰৰ বাবে সকলো ভাষা আৰু ৰাজ্যৰ বাবে তেওঁলোকৰ নিজস্ব ভাষা প্ৰয়োগ হোৱাতো যুগুত। আজিৰ দিনত এইবোৰ বৰ উজু কথা বিশেষকৈ ৭০ বছৰৰ আগৰ তুলনাত, কাৰণ যান্ত্ৰিক অনুবাদে দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰিছে।

এনে পটভূমিত, আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰোঁ :

ক)            ৰাজহুৱা আঁচনিবোৰত পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰক। সকলো ভাৰতীয় ভাষাত পৰামৰ্শৰ মাধ্যমবোৰৰ উন্নয়ন সাধন কৰি শিক্ষাৰ উচ্চতম পৰ্যায়লৈ লাভদায়ক কৰি গঢ়ি তোলক । ইয়াত অন্তৰ্ভূক্ত হ’ব লাগিব বৃত্তিগত শিক্ষা যেনে অভিযান্ত্ৰিক, চিকিৎসা. আইন, ব্যৱসায়, চাৰ্টাৰ্ড একাউণ্টেঞ্চি আদিৰ দৰে উচ্চ পৰ্যায়ৰ শিক্ষাবোৰো।

খ)            ৰাজহুৱা আঁচনিবোৰ এনেদৰে সূত্ৰবদ্ধ কৰক যাতে সকলো ভাৰতীয় ভাষাৰ উচ্চাভিলাষী ভাষা হিচাপে উন্নতি কৰিব পৰা যায় আৰু বাস্তৱিক পন্থাৰে তেওঁলোকৰ জীৱিকা আৰু অৰ্থনৈতিক মূল্যক পৰিৱৰ্দ্ধন কৰিব পাৰি। উদাহৰণ স্বৰূপে, চীনে এই ক্ষেত্ৰত হাতত লোৱা টেণ্ডাৰ আৰু ঠিকা-ঠুকলিৰ ব্যৱস্থা আনকি বিদেশী কোম্পানীবোৰকো চীনা ভাষা শিকিবলৈ বাধ্য কৰোৱা কথা বুদ্ধিমানৰ কাম বুলি বিৱেচিত হৈছে। এনে কাৰ্যই সমস্ত বিশ্বতেই চৈনিক ভাষাৰ প্ৰতি এক আগ্ৰহ আয়হিছে।

গ)            ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যক একেই ধৰণৰ নীতি লোৱাৰ বাবে পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰক।

ঘ)            উচ্চ ন্যায়লয় আৰু উচ্চতম ন্যায়ালয়ত ভাৰতীয় ভাষা ব্যৱহাৰৰ বাবে অনুধাৱন কৰিবলৈ পৰামৰ্শ দিব লাগে কাৰণ আজিকালি তাৎক্ষণিকভাৱে অনুবাদ কৰা সুবিধাবোৰ সহজলভ্য হৈ পৰিছে।

Leave a Reply