সাম্প্ৰতিক সময়ত, আমাৰ ঐতিহ্যৰ চৰ্চা আৰু এই চৰ্চাক উত্তৰ পুৰুষলৈ হস্তান্তৰকৰণৰ স্বাধীনতাৰ প্ৰতি দুইধৰণৰ ভাবুকি আহিছে।

প্ৰথমতে, বৃহৎ পৰিসৰত আমাৰ ওপৰত জাপি দিয়া আনুষ্ঠানিক বিদেশী পুঁজিৰ দ্বাৰা পৰিচালিত ধৰ্মান্তৰকৰণৰ যুঁজখন আৰু দ্বিতীয়তে, ভাৰত ৰাষ্ট্ৰ আৰু আদালতৰ দ্বাৰা হোৱা (যিটো বিদেশী পুঁজিৰ দ্বাৰা সাহায্যপুষ্ট) বৰ্দ্ধিত অনুপ্ৰৱেশ- বিশেষকৈ আমাৰ ধৰ্মীয়, পৰম্পৰাগত, সাংস্কৃতিক আৰু লোকাচাৰৰ ক্ষেত্ৰত।

আমাৰ সংবিধানে প্ৰতিজন নাগৰিককে তেওঁলোকৰ ধৰ্ম আ.ৰু ঐতিহ্যৰ হকে স্ব-মত ব্যক্ত কৰা, চৰ্চা আৰু প্ৰচাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। তথাপি ব্যক্তিগত পচন্দৰ কথাটো আনুষ্ঠানিকভাৱে  ধৰ্মান্তৰকৰণ কৰা যুঁজ এখন জাপি দিয়া কথাটো সম্পূৰ্ণভাৱে সুকীয়া কথা। কাৰণ তাত আছে সাধাৰণ মানুহক তেওঁলোকৰ ধৰ্ম সলনি কৰিবৰ বাবে লালায়িত আৰু বল প্ৰদান কৰিব পৰা সুপৰিকল্পিত কৌশলৰ প্ৰায়োগিক ক্ষমতা আছে। ই নিশ্চিতভাৱে আমাৰ সভ্যতা, ধৰ্ম আৰু সংস্কৃতিৰ প্ৰতি আহি পৰা এক অগ্ৰাসন। পৃথিৱীৰ সকলো ইতিহাসত ইয়াৰ অজস্ৰ উদাহৰণ আছে, য’ত স্থানীয় ধৰ্ম, সংস্কৃতি আৰু সভ্যতাৰ চিন-মোকাম নাইকীয়া কৰা হৈছে। ইয়াৰ আঁৰত মুখ্য ভূমিকা লৈছে আনুষ্ঠানিক ধৰ্মান্তৰকৰণৰ আগ্ৰাসনে। সনাতন ধৰ্মৰ ভেটিত সৃষ্টি হোৱা আমি যেতিয়া এটা অতি প্ৰাচীনতম জীৱিত সভ্যতা, সেয়েহে পৃথিৱীৰ আন ধৰ্মৰ ধৰ্মান্তৰকৰণৰ অশুভ শক্তিবোৰে আমাক শেহতীয়াকৈ চিকাৰী চকুৰে লক্ষ্য হিচাপে গণ্য কৰিছে। ব্যক্তিগত ধৰ্মীয় স্বাধীনতা আৰু সভ্যতা প্ৰদত্ত দায়িত্ববোধৰ মাজৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে ভাৰত ৰাষ্ট্ৰৰ বাবে অতি উত্তম পথ হ’ল সনাতন ধৰ্মৰ ভেটিত গঢ়ি উঠা আমাৰ গৌৰৱোজ্জ্বল সভ্যতাক সুৰক্ষা দিয়া, সংৰক্ষণ কৰা আৰু ইয়াৰ পুষ্টিসাধন কৰা। এইটো ভাৰতৰ প্ৰতিজন নাগৰিকক তেওঁলোকৰ পচন্দ অনুসাৰে তেওঁলোকৰ ধৰ্মৰ চৰ্চা,  অনুশীলন আৰু আনকি ধৰ্মীয় পৰিৱৰ্তনৰ প্ৰতি হোৱা ধৰ্মীয় স্বাধীনতাক নিশ্চয়তা প্ৰদান কৰিহে কৰিব পৰা যাব । কিন্তু আমাৰ ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰা আৰু সভ্যতাক ধ্বংস কৰিব পৰা সকলোধৰণৰ আনুষ্ঠানিক ধৰ্মান্তৰকৰণ অবৈধ বুলি ঘোষণা কৰক।

আমাৰ দেশৰ হিন্দু সম্প্ৰদায়ৰ মাজতেই আছে ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক অনুশীলনৰ মাজত প্ৰচুৰ বৈচিত্ৰ। সেইবোৰকেই আদালতত প্ৰায়েই প্ৰত্যাহ্বান জনোৱা হৈ আহিছে, প্ৰধানকৈ বিদেশী পুজিৰ সাহায্যপ্ৰাপ্ত কিন্তু অত্যুৎসাহী অবাঞ্ছিত ব্যক্তি বা কোনো সত্তাৰ দ্বাৰা, যিবোৰৰ এনেবোৰ কাৰ্যত নমাৰ কোনো প্ৰশ্নই নাহে আৰু হিন্দুৰ এনেবোৰ অনুশীলনৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে অজ্ঞ। কাৰণ তেওঁলোক মনে প্ৰাণে বহিৰাগত। এইবোৰ গ্ৰন্থত বৰ্ণিত ধৰ্মৰ কথা নহয়।

জীৱনৰ পাৰ্থিৱ আৰু আধ্যাত্মিক দিশবোৰক সামৰি লৈ বিভিন্ন খিলঞ্জীয়া হিন্দু সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ধৰণে হিন্দু ধৰ্মৰেই ভিন্ন ৰূপৰ উৎসৱ পালন, পৰ্যৱেক্ষণ আৰু পৰিৱেশন কলা প্ৰদৰ্শন কৰি থাকি মহান হিন্দু ধৰ্মৰ বিৰাট বৈচিত্ৰকেই প্ৰকাশ কৰিছে। শতিকাজুৰি চলি থকা এনেবোৰ অনুশীলনে কোনো বিশিষ্ট গ্ৰন্থ বা ধৰ্মীয় পুথিৰ পৰা নায্যতা বা বৈধতাৰ স্বীকৃতি লোৱাৰ প্ৰয়োজন নাই। এইবোৰ বৰং অতি জনপ্ৰিয় হিন্দু ধৰ্মৰেই প্ৰধান জীৱন-ৰক্ত। শতিকাজুৰি এনেবোৰ পৰম্পৰা অব্যাহত হৈ থকাৰ কাৰণ হ’ল এইবোৰ তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে অতি মূল্যবান পৰম্পৰা আৰু বিশেষকৈ বিদেশী বিতচকুৰে দৃষ্টিপাত কৰি তেওঁলোকৰ এনে কাৰ্যৰ পুনৰ মূল্যায়ন কৰাৰো কোনো দৰকাৰেই নাই । ইয়াৰ উপৰিও খিলঞ্জীয়া মানুহখিনিৰ খাদ্যাভ্যাসৰ অনুশীলনক বৈজ্ঞানিক দৃষ্টিভংগীৰ নামত কিছুদিনলৈ নাকচ কৰা দেখায়, কিন্তু কিছু দিনৰ পিছতেই লুটি বাগৰ মাৰি তেনে অনুশীলনৰ মূল্যক আকৌ গুৰুত্ব প্ৰদান কৰা হয়। এটা ঔপনিৱেশিক মনস্ততাৰে  প্ৰচাৰ মাধ্যমৰ প্ৰচাৰৰ যোগেদি এনেবোৰ অনুশীলনক কেতিয়াবা অজ্ঞতা, অন্ধবিশ্বস বা বৰ্বৰতাৰ আখ্যাৰে চিহ্নিত কৰা হয়। যেনে, “কুকুৰ এটাক বেয়া নাম দিব লাগে” নতুবা “তাক পি, আই, এল দাখিল কৰি ফাঁচী কাঠত ওলোমাওক” ইত্যাদি, ইত্যাদি। পৰম্পৰাক নায্যতা দিয়াৰ কোনো প্ৰয়োজন নাই, ই স্বয়ংসম্পূৰ্ণ আৰু ইয়াৰ নায্যতা স্বীকৃতি দিবলৈ আমাৰ সমাজখনৰ যথেষ্ট সক্ষমতা আছে। প্ৰয়োজনবোধত কোনো পৰম্পৰাক সংস্কাৰ কৰিবলৈ আমাৰ মাজত যথেষ্ট সংস্কাৰকো আছে। এইটো নিশ্চতভাৱে আদালতৰ কাম নহয়।

ন্যায়িক হস্তক্ষেপে আমাৰ হেজাৰ বছৰীয়া পুৰণি ধৰ্মীয়, সাংস্কৃতিক আৰু লোকাচাৰত প্ৰভূত ক্ষতিসাধন কৰিছে। আমাৰ একক সাংস্কৃতিক অনুশীলনবোৰত মৃত্যুসম আঘাট হানিছে। অথচ এনেবোৰ অনুশীলনে আৱশ্যকীয় আৰু কাৰ্যকৰী বিকাশেৰে আমাৰ দেশত এক সুন্দৰ বৈচিত্ৰৰহে সৃষ্টি কৰিছে। আমাৰ শতিকাজোৰা এনেবোৰ নীতি-নিয়মৰ ওপৰত কৰা এনেবোৰ অবাঞ্ছিত হস্তক্ষেপে কিছুমান অপ্ৰয়োজনীয় সামাজিক প্ৰতিৰোধ আৰু অস্থিৰতাৰ পৰিৱেশহে সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে জালিকাট্টু দহী হাণ্ডী, সবৰীমালা, শনি মন্দিৰ, কাম্বালা ইত্যাদি।

এনে দুটা ভয়াৱহ ভাবুকিৰ ফলস্বৰূপেই আমাৰ প্ৰাচীনতম সভ্যতাই এটা শেষ অস্তিত্বৰ ,সংকটত পৰিছে। পৰিহাসৰ কথা হ’ল যে, আমাৰ পূৰ্ব-পুৰুষসকলে বৰ্বৰবোৰৰ আক্ৰমণ আৰু বিদেশীৰ বহুদিনীয়া শাসনৰ সময়ৰ চৰম বিপৰ্যয়ৰ মাজতো আমাৰ সভ্যতাক জীয়াই ৰাখি এই সভ্যতা আমাক প্ৰদান কৰি গৈছে। কিন্তু আমি স্বাধীন ভাৰতৰ হিন্দুবিলাকে ইয়াৰ ধ্বংস কাৰ্যত অনুমোদন জনাইছোঁ। আমি লাভ কৰা ধৰ্মীয় আৰু সাংস্কৃতিক উত্তৰাধীকাৰ, সি লাগিলে প্ৰকৃতই হওঁক বা অপ্ৰকৃতই হওঁক, তাৰ মূল্যক অৱমাননা কৰাৰ অধিকাৰ আমাৰ নাই। আমি আমাৰ পৰৱৰ্তী প্ৰজন্মক আমি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা সভ্যতা, সংস্কৃতিৰ বিভিন্ন দিশ,  তাত লাগিলে কিবা মূল্যবান সংযোগ কৰিব নোৱাৰিলোই তথাপি যিখিনি লাভ কৰিছোঁ সেইখিনিকেই সুন্দৰভাৱে হস্তান্তৰ কৰি যোৱাটো আমাৰ এক দায়বদ্ধতা।

তাত লাগিলে আমি কিবা মূল্যবান সংযোগ কৰিব নোৱাৰিলেও সুৰন্দৰভাৱে হস্তান্তৰ কৰি যোৱাটোৱেই মানিবলগীয়া দায়বদ্ধতা।

আমি যদি সমষ্টিগত যাযাবৰী মানসিকতাৰ পৰা ওলাই নাহোঁ, তেন্তে মেছোপটেমিয়া, ৰোম, গ্ৰীক, জৰথুষ্ট্ৰিয়ান- পাৰ্চিয়ান, ইনকা, মায়া, অষ্ট্ৰিক আদি অখৃষ্টিয়ান সভ্যতাবোৰৰ দৰে একেই নিঃশ্চহ্ন হোৱাৰ ভাগ্যকেই সাৱতি ল’ব লাগিব।

ইং ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত থলুৱা বা স্থানীয় জনগনৰ অধিকাৰ সম্পৰ্কীয় ঘোষণা পত্ৰত (ইউ অন ডি আৰ আই পি) যিখন ভাৰত চৰকাৰেও স্বাক্ষৰ কৰিছে, ইয়াত ঘোষণা কৰা হৈছে যে ইয়াৰ সদস্য-সভ্য দেশবোৰে ইয়াৰ থলুৱা মানুহবোৰ ধাৰ্মিক, আধ্যাত্মিক, সাংস্কৃতিক আৰু জ্ঞান-আহৰণৰ ব্যৱস্থাপনাৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ, লালন পালন আৰু উন্নয়নৰ বাবে উপযুক্ত বিধায়নিক, সুশাসন আৰু ৰাজহুৱা নীতিত হস্তক্ষেপ কৰা ক্ষেত্ৰত কিছু বাধ্য বাধকতা আৰোপ কৰা হৈছে।

আমাৰ সংবিধানত থকা ২৫৩ নং অনুচ্ছেদে আমাৰ সংসদক যি কোনো বিষয়ত সমগ্ৰ দেশৰ স্বৰ্থৰ অনুকূলে বিধি-বিধান সৃষ্টি কৰাত সমৰ্থন দিছে। সেইবোৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আনকি আন্তৰ্জাতিক সমাৱৰ্তন অনুষ্ঠিত কৰিবলৈ অধিকাৰ দিছে । সেয়েহে কেন্দ্ৰীয় চৰকাৰো আমাৰ সভ্যতাৰ মূল উৎস; শত-.সহশ্ৰ ৰূপ আৰু আকৃতিত ইতিমধ্য প্ৰকাশ্যমান, এই সনাতন ধৰ্মৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ, লালন-পালন আৰু উন্নয়নৰ ক্ষেত্ৰত এক আন্তৰ্জাতিক দায়বদ্ধতাৰ আওতাত আছে।

২০১৪ চনৰ বি, জে, পিৰ নিৰ্বাচনী ইস্তাহাৰৰ সূচনাত ঘোষিত নিম্নোক্ত উদ্ধৃতিসমূহে অতি স্পষ্টতাৰে ভাৰতবৰ্ষক এটা অতি দৃঢ় সভ্যতাকেন্দ্ৰিক আধাৰশিলা হিচাপে নিৰ্মাণ কৰি গঢ়ি তুলিবলৈ অবিচলিত অংগীকাৰবদ্ধ হোৱাৰ কথা দৃঢ়াতাৰে ঘোষণা কৰে।

বি, জে, পি-য়ে স্বীকাৰ কৰিছে যে,  কোনো দেশেই বা জাতিয়ে যদিহে নিজৰ বিষয়ে স্পষ্টভাৱে ইয়াৰ নিজস্বতা, ইয়াৰ ইতিহাস, ইয়াৰ মূল শিপা, শক্তি আৰু আৱেগ,শক্তি আৰু ব্যৰ্থতাৰ বিষয়ে এক স্পষ্ট বুজা-বুজিৰ ভাব পোষণ নকৰে তেন্তে ই প্ৰচণ্ডভাৱে গতিশীল আৰু গোলকীয়কৰণ সম্পূৰ্ণ হোৱা পৃথিৱীখনত এখন দেশৰ বাবে সমাধানযোগ্য কথা হৈ পৰিছে আৰু দেশখনে ইয়াৰ আদি শিপাৰ কথা জ্ঞাত হওঁক যি শিপাই দেশৰ মানুহক জীয়াই থকাৰ আহাৰ পানী যোগায়।

তিলক, গান্ধী, অৰবিন্দ, পেটেল, বসু আৰু আন আন মহান ব্যক্তিসকলৰ দ্বাৰা অনুপ্ৰাণিত আৰু উদ্বুদ্ধ হোৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষৰ নিচিনা দেশৰ সভ্যতা-প্ৰদত্ত প্ৰখৰ চেতনা-বোধত তেওঁলোকৰ এক স্পষ্ট ফটফটীয়া অন্তৰ্দৃষ্টি আছিল । এইসকল নেতাই কেৱল ভাৰতীয় ৰীতি-নীতি আৰু চিন্তা-চেতনাৰেহে স্বাধীনতা আন্দোলনটো পৰিচালিত কৰিছিল।

তেওঁলোকৰ কেৱল এটাই স্বপ্ন আছিল- সেয়া হ’ল ভাৰতীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানবোৰক নৱৰূপত সজা পৰাই তোলা, যাৰ আঁৰত আছিল ভাৰতীয় সভ্যতাৰ অনৈক্যৰ মাজত ঐক্যৰ সন্তুলিত সহাৱস্থানৰ প্ৰখৰ চেতনাবোধ। এই চেতনাবোধেই ভাৰতক সজাইছে এক দেশ, একেই মানুহ আৰু এটা জাতি হিচাপে।

“স্বাধীনতা আন্দোলনে জাগ্ৰত কৰি তোলা জাতীয় সত্তাটো আৰু সামূহিক স্বপ্নটো স্বাধীনতা লভাৰ পিছত, ক্ষমতাৰ শীৰ্ষত থকা নেতৃবৃন্দই যেন হেৰুৱাই পেলালে । ……. এইটো দুৰ্ভাগ্যৰ কথা যে এইবোৰ নেতাই ভাৰতীয় অন্তঃসত্তাৰ জীৱনী-শক্তিৰ অন্তৰ্নিহিত কথা বুজিব নোৱাৰিলে। দৰাচলতে এই শক্তিটোৱেই আছিল প্ৰধান শক্তি যি ভাৰতবৰ্ষক জীয়াই ৰাখিছে বাৰম্বাৰ বহিঃশত্ৰুৰ আক্ৰমণ আৰু দীৰ্ঘদিনীয়া বিদেশী শাসনৰ বাঘজৰীৰ পৰা। তেওঁলোক ব্যৰ্থ হৈছে ভাৰতীয় অন্তঃসত্তাক পুনৰবাৰ জাগ্ৰত কৰাত।”

“আনকি স্বাধীনতাৰ প্ৰায় সাতোটা দশকৰ পিছতো দেশখনে নিজৰ অন্তৰ্নিহিত জীৱনী-শক্তিক আৱিস্কাৰ কৰিব নোৱাৰিলে। আৱিস্কাৰ কৰিব নোৱাৰিলে কাল-.চৈতন্যবোধ আৰু এক কাৰ্যক্ষম ইচ্ছা শক্তিক। ফলস্বৰূপে প্ৰাচীনতম সভ্যতা আৰু নৱ-যৌৱনপ্ৰাপ্ত প্ৰজাতন্ত্ৰৰ অধিকাৰী দেশ হৈও, আমি আজি সহস্ৰ-মুখী সংকটৰ গৰাহত পৰিছোঁ। …… এওঁলোকে আমাৰ দেশৰ এই দিশবোৰ চিনাক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবেই এই কৰুণ বিয়োগান্ত নাটকখনে চূড়ান্ত পৰ্যায়ত উপনিত হৈছে ।”

সেয়েহে বি, জে, পিয়ে ২০১৪ চনৰ নিৰ্বচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিৰ বাবে আৰু ৰাষ্ট্ৰয়সংঘৰ দ্বাৰা ঘোষিত ২০০৭ চনৰ থলুৱা বা স্থানীয় জনগনক দিয়া অধিকাৰ সাব্যস্ত কৰিবলৈ আন্তৰ্জাতিক দায়বদ্ধতা সোঁৱৰাই দিবলৈ আমি কেন্দ্ৰীয় চৰকাৰক তাৎক্ষণিকভাৱে অৰ্থাৎ সমাগত সংসদৰ অধিৱেশনতেই “ধৰ্মীয় স্বাধীনতা (থলুৱা জনগণৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা, আনুষ্ঠানিকভাৱে সংঘটিত কৰা ধৰ্মান্তৰকৰণ, কাৰ্যাৱলী নিষিদ্ধকৰণ” (আইনখন)ৰ ওপৰত সমস্ত ভাৰতবৰ্ষত বলবৎ হোৱাকৈ আইন জাৰি কৰিবলৈ অনুৰোধ জনালোঁ।

বিকল্পভাৱে, সংসদে বিধিবৎ আইন জাৰিকৰণ স্থগিত ৰাখি আন এখন আধ্যাদেশো জাৰি কৰিব লাগে।

Leave a Reply