এইটো এটা দুৰ্ভাগ্যজনক সত্য যে- হিন্দু, বৌদ্ধ, জৈন আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে বাহিৰৰ বহু দেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈছে। যিহেতু ভাৰতবৰ্ষ হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ মাতৃভূমি, সেয়েহে এইটো স্বাভাৱিক কথা যে বিদেশত উৎপীড়িত হিন্দু, বৌদ্ধ, জৈন আৰু শিখসকলৰ বাবে ভাৰতবৰ্ষ কেৱল শেষ আশ্ৰয়স্থলেই নহয়, বৰং তেওলোকৰ প্ৰায়খিনিয়েই ভাৰতলৈ পলায়ন কৰিবলৈও বাধ্য হয়।

কিন্তু অস্বস্তিকৰ সত্য এইটোৱেই যে ধৰ্মীয় উৎপীড়নৰ বলি হোৱা বৃহৎ সংখ্যক হিন্দুৱেই ভাৰতলৈ পলাই অহাৰ ব্যৱস্থা হাতত লয় আৰু ভাৰতলৈ আহি নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত হৈ শৰণাৰ্থী শিবিৰবোৰত অৱৰ্ণনীয় দুখ-কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলৈ বাধ্য হয়। আনহাতে তেওঁলোক পুনৰ পূৰ্বৰ এৰি অহা গৃহদেশলৈ উভতি যোৱাতোও অসম্ভৱ কাৰ্য হৈ পৰে আৰু যদি তেওঁলোকে পুনৰ তেনে কৰাৰ সাহস কৰে তেন্তে ই নিশ্চত যে তেওঁলোকে হয়তো স্বধৰ্ম নতুবা নিজৰ জীৱন হেৰুৱাৰ আশংকা থাকে। যদিও    ভাৰতবৰ্ষই প্ৰবাসী ভাৰতীয় মূলৰ ধৰ্ম আৰু ইয়াৰ অনুগামীৰ প্ৰতি কিবা সভ্যতাকেন্দ্ৰিক দায়বদ্ধতা পালন কৰিবলগীয়া আছে বুলিক’তো কোৱা হেৱা নাই, কিন্তু বিগত বহু বছৰ ধৰি বহু দেশতে সংঘটিত হিন্দু, বৌদ্ধ, জৈন শিখৰ গণহত্যাত কোনো সহাৰি নিদি তাক কেৱল এক বোজাস্বৰূপ দায়বদ্ধতা বুলি গন্য কৰি চকু, কাণ আৰু মুখ বন্ধ কৰি আহিছোঁ। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু আন আন ৰাষ্ট্ৰত সংঘটিত লাখ লাখ হিন্দু, বৌদ্ধ, জৈন, শিখৰ গণহত্যাৰে হোৱা অন্তৰ্ধানত আমাৰ পৰ্যায়ক্ৰমে স্থলাভিষিক্ত হোৱা কোনো নেতাৰেই বিবেকক জড়িত কৰাটো চকুত পৰা নাই বৰঞ্চ তেওলোকে মানৱতাৰ কেৱল ফটাঢোল বজোৱাহে পৰিলক্ষিত হৈছে। সেয়েহে এতিয়া এইটো উত্তম সময় বুলি বিবেচিত হৈছে যে ভাৰতবৰ্ষই এতিয়াৰ পৰাই ইয়াৰ সভ্যতাকেন্দ্ৰিক দায়বদ্ধতা দৃঢ়তাৰে পালন কৰক যাতে বিদেশত উৎপীড়িত হিন্দু, বৌদ্ধ আৰু শিখসকলে ভাৰতবৰ্ষক আশ্ৰয়ৰ শেষ স্থল বুলি ধৰি ল’ব পাৰে আৰু তাৰ বাবে এই বিষয়ত উপযুক্ত নীতি- নিৰ্দেশনাৰ হস্তক্ষেপকৰণ আৰু উপযুক্ত আইনগত ব্যৱস্থাপনৰ নীতি গ্ৰহণ কৰিব লাগে।

এইটো এটা উল্লেখনীয় হৃদয়স্পৰ্শী কথা যে বি, জে, পি য়ে ২০১৪ চনৰ নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত এইটো প্ৰতিশ্ৰুতি দিছিলঃ “ভাৰতবৰ্ষ বিদেশত উৎপীড়িত হিন্দুসকলৰ বাবে এখন স্বাভাৱিক গৃহভূমি আৰু তেওঁলোকে যদি ইয়াত আশ্ৰয় বিচাৰে, তেন্তে তেওঁলোকক স্বাগতম জনোৱা হ’ব।” এই পৰিপ্ৰেক্ষিততেই, কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ লোকসভাত নাগৰিকত্ব সংশোধনী আইনৰ এখন বিল আনুষ্ঠানিকভাৱে দাখিলৰ সূচনা কৰিছে ; যিখন বিল এখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হৈছে যদিও ই এতিয়াও ওলমিয়েই আছে। বিলখনৰ সাম্প্ৰতিক ৰূপটোত কিছু বিশেষ অসুবিধাও অৱশ্যে আছে। প্ৰথমতে, ইয়াত প্ৰয়োজনীয় তথ্যপাতিৰ কিছু অভাৱ আছে। বিশেষকৈ ই কেৱল আফগানিস্থান, বাংলাদেশ আৰু পাকিস্থানৰ উৎপীড়িত সংখ্যালঘুসকলক লৈহে সৃষ্ট। এই বিলে ভাৰতীয় মূলৰ ধৰ্মীয় উৎপীড়নৰ বলী হোৱা অনুগামীসকলকহে সাঙোৰাটো যুগুত হ’ব। লাগিলে তেওঁলোক যি দেশৰেই বাসিন্দা নহওক কিয়। দ্বিতীয়তে, উক্ত বিলখনত খৃষ্টানসকলক অন্তৰ্ভূক্ত কৰাৰ প্ৰয়োজন নাই, যিহেতু ভাৰতবৰ্ষ হিন্দু, বৌদ্ধ ধৰ্মাৱলম্বী, জৈন আৰু শিখসকলৰ দৰে প্ৰাকৃতিক গৃহভূমি নহয়। তদুপৰি, পৃথিৱীৰ এশতকৈও অধিক খৃষ্টান ধৰ্ম প্ৰধান দেশ আছে, গতিকে, খৃষ্টান এজনে তাৰ যিকোনো এখন দেশত আশ্ৰয় গ্ৰহণ কৰিব পাৰে। তৃতীয়তে, বিলখনত সাংবিধানিক সময়সীমাৰ উপযুক্ত চৰ্তৰ অনুপস্থিতিৰ বাবে ই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাও নথকা নহয়। সেই কাৰণে এনে এক প্ৰকৃতিৰ আইন এখন বলবৎ হোৱাৰ পূৰ্বে কিছুমান বাস্তৱসন্মত চৰ্ত সংবিধানত অন্তৰ্ভূক্ত কৰাটো উচিত।

চতুৰ্থতে, উত্তৰ-পূবৰ ৰাজ্যবোৰৰ বৃহৎ সংখ্যক জনগনৰ দ্বাৰাও ইয়াৰ বিৰুদ্ধে কিছু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এওঁলোকৰ সংশয় উপসম ঘটাবৰ বাবে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যবোৰৰ জনসাধাৰণক আশ্বস্ত কৰিব লাগিব যে উৎপীড়িত হিন্দু, বৌদ্ধ ধৰ্মাৱলম্বী, জৈন আৰু শিখ আদি নাগৰিকত্ব প্ৰদান কৰিবলগীয়া উত্তৰ-পূবৰ ৰাজ্যবিলাকৰ বাহিৰেও দেশৰ আন আন অংশত সংস্থাপিত কৰা হ’ব। এই কাৰণতেই, প্ৰয়োজনীয় তথ্যৰ অবিহনে তৈয়াৰ কৰা ইয়াৰ বৰ্তমানৰ ত্ৰুটিপূৰ্ণ অৱয়ৱটো যদি আইনলৈ পৰ্যৱসিত হয়, তেন্তে ইয়াক আন্দোলন আৰু আইন আদালতলৈ ঠেলি দিব, যিটোৱে দীৰ্ঘদিন ধৰি যন্ত্ৰণা ভুগি থকা, পাকিস্থান আৰু বাংলাদেশৰ পৰা অহা লাখ লাখ হিন্দু, বৌদ্ধ ধৰ্মাৱলম্বী, জৈন আৰু শিখ শৰণাৰ্থীৰ বাবে মুঠেই সকাহ দিয়া বিল হৈ নাথাকিব।

সেয়েহে এতিয়া নিম্নলিখিত নতুন অনুচ্ছেদক ১১-এ-ক অন্তৰ্ভূক্তি কৰি সংবিধানৰ তৎকালীন-সংশোধনৰ এক জৰুৰী প্ৰয়োজনীয়তা আহি পৰিছে আৰু তাৰ পিছত পৃথিৱীৰ যিকোনো দেশৰ পৰা অহা ভাৰতীয় ধৰ্মমূলীয় উৎপীড়িত ব্যক্তি যেনে হিন্দু, বৌদ্ধ, জৈন আৰু শিখসকলক নাগৰিকত্ব প্ৰদান কৰিব পৰা নাগৰিকত্ব আইন, ১৯৫৫ খন সংশোধন কৰিব পৰা যাব। নতুন প্ৰস্তাৱিত অনুচ্ছেদ “১১-এ”-ৰ দলিলত উল্লেখ থকা চৰ্তটো বিশেষভাৱে প্ৰয়োজনীয়, কাৰণ প্ৰস্তাৱিত ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰথম বুলিয়াদ হ’ল এজন লোক এজন হিন্দু, বৌদ্ধ ধৰ্মাৱলম্বী, জৈন বা শিখ হোৱা বাবেই ধৰ্মীয় উৎপীড়নৰ বলি হোৱা আৰু তেওঁৰ অভাৰতীয় যিকোনো সময়ত ঘটা ধৰ্মান্তৰকৰণত সেই বিষয়টো  প্ৰযোজ্য নহয় বুলি বিবেচিত হয়। আন কথাত, যদিহে, সেই ব্যক্তিজনে তেওঁৰ ধৰ্মৰ প্ৰতি আৱেগিকভাৱে বেছি আসক্ত নহ’লহেঁতেন, তেনে ব্যক্তিয়ে উৎপীড়নৰ বলী নহ’য় ভাৰতলৈ গুচি অহা তেওঁৰ প্ৰয়োজনেই নহ’ব। দ্বিতীয়তে, এইটোও লক্ষ্য কৰিবলগীয়া যে কিছুমান মানুহে ভাৰতক প্ৰৱঞ্চনা কৰি আৰু মিছাকৈয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰি ভাৰতক শোষণৰ আন এক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে।

সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰা যায় যে-

ক)            ২০১৬ চনৰ ত্ৰুটিপূৰ্ণ নাগৰিকত্ব (সংশোধন)বিলখন সদনত স্থগিত ৰাখি তাক আঁতৰাই ৰখা (খ) নিম্নলিখিত নতুন অনুচ্ছেদবোৰ অন্তৰ্ভূক্ত কৰি সংবিধান সংশোধন কৰা আৰু তাৰ পিছত (গ) নতুন নাগৰিকত্ব (সংশোধন) বিল ২০১৮ সূচনা জাৰি কৰি পুৰণি নাগৰিকত্ব আইন, ১৯৫৫ সংশোধন কৰা ইত্যাদি ইত্যাদি। ওপৰত উল্লেখ কৰা দিশবোৰ সংসদত চালি-জাৰি চাই তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব।

“অনুচ্ছেদ ১১-এঃ” এই সংবিধানত যিয়েই নাথাকক কিয় ভাৰতীয় মূলৰ ধৰ্ম যেনে হিন্দু, বৌদ্ধ, জৈন, শিখৰ প্ৰতি ভাৰতীয় সভ্যতাকেন্দ্ৰিক দায়বদ্ধতাৰ চৰ্ত পুৰণ কৰি সংসদে আইনৰ যোগেদি পৃথিৱীৰ যিকোনো দেশৰ উৎপীড়িত হিন্দু, বৌদ্ধ, জৈন আৰু শিখ মানুহক ক্ষিপ্ৰতাৰে নাগৰিকত্ব প্ৰদান কৰাতো যুগুত।

যদিহে কোনো উৎপীড়িত হিন্দু, বৌদ্ধ, জৈন আৰু শিক নাগৰিকত্ব পোৱাৰ পিছত যিকোনো সময়ত আন ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ পথ বাচি লয়ঃ

ক)            তেওঁৰ নাগৰিকত্ব ততালিকে অৰ্থহীন হৈ পৰিব।

খ)            তেওঁক যিকোনো ৰাজহুৱা কাৰ্যালয় বা ৰাজহুৱা নিযুক্তিৰ পৰা বৰ্খাস্ত কৰা হ’ব।

গ)            তেওঁৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব আৰু সিবোৰ সম্পত্তি ভাৰত চৰকাৰৰ নিজস্ব সম্পত্তি হ’ব।

ঘ)            তেওঁক যিকোনো স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ মালিক হোৱা বা আহৰণ কৰা কাৰ্য নিষিদ্ধ কৰা হ’ব।

Leave a Reply