যিহেতু ভাৰতবৰ্ষ এখন স্বয়ংসম্পূৰ্ণ সাৰ্বভৌম দেশ সেয়া ভাৰতবৰ্ষৰ বাবে বিদেশী কোনো দাতব্য প্ৰতিষ্ঠানৰ প্ৰয়োজন নাই । আমেৰিকাত “বিনা পইচাৰ মধ্যাহ্ন ভোজন” বোলা কোনো কথা নাই। বৈদেশিক দাতব্য অনুষ্ঠানসমূহ আগবাঢ়ি আহে এক নিৰ্দিষ্ট বা কু-অভিপ্ৰায়ৰ প্ৰৱণতা লৈ আমাৰ মাজত কূটাঘাতমূলক কাৰ্য সম্পাদনৰ বাবে, মানৱীয় ভূ-চিত্ৰ সলনি কৰিবলৈ আমাৰ দেশক খণ্ড-বিখণ্ড কৰিবলৈ, আমাৰ সমাজত অস্থিৰতাৰ বীজ সিঁচিবলৈ, আমাৰ সামাজিক, অৰ্থনৈতিক আৰু কাৰিকৰী উন্নতিত হেঙাৰ দিবলৈ, বিদেশী কু-অভিপ্ৰায়েৰে বা উদ্দেশ্যৰে আমাৰ মানসিকতা ঔপনিৱেশীকতাৰ বীজ সিঁচিবলৈ ইত্যাদি ইত্যাদি।

ভাৰতবৰ্ষৰ তথাকথিত মুনাফা-বিহীন বা অ-বানিজ্যিক খণ্ডত এক বৃহৎ অংকৰ পুঁজি বহিঃৰাষ্ট্ৰৰ এনে কিছুমান সংস্থাৰ দ্বাৰা সৃষ্টি কৰা হয় যিবোৰৰ কিছুমান বিদেশী চৰকাৰ আৰু সেইবোৰৰ বেচৰকাৰী সংস্থাৰ মালিক পক্ষৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে। এইটো সকলোৰে দ্বাৰা জ্ঞাত যে এনে পুঁজিৰ সিংহভাগৰ আঁৰত চিনিব নোৱাৰা ছদ্মৱেশত আমাৰ দেশৰ কাৰ্যপালিকা, বিধায়িনী মণ্ডল, ন্যাপালিকাৰ ওপৰত মানৱতা বা সামাজিক হস্তক্ষেপৰ নামত প্ৰভাৱ খটুওৱাৰ উদ্দেশ্য থাকে। কিন্তু ইহঁতৰ মূল অভিপ্ৰায় হ’ল ভাৰতবৰ্ষৰ গণতান্ত্ৰিক পদ্ধতি আৰু জাতীয় উত্থানৰ ওপৰত কূটাঘাত কৰাৰ চক্ৰান্ত।

ভাৰতবৰ্ষৰ তথাকথিত সভ্য সমাজক প্ৰতিনিধিত্ব কৰা বুলি যিবোৰে দাবী কৰে, দৃষ্টিকটুভাৱে সেইবোৰৰ পুঁজি যোগান ধৰা হয় বিদেশী চৰকাৰ আৰু তাৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰৰ দ্বাৰাহে। এইটো একো আচৰিত কথা নহয় যে বিদেশী দান-বৰঙণী লাভ কৰাসকলে মুক্ত বা গোপনভাৱে কেৱল বিদেশী প্ৰভূৰ কু-অভিসন্ধিৰ বলি হৈ আমাৰ সমাজক থান-বান কৰাৰ পথ লয়।

নিম্নলিখিত তথ্যবোৰে এইটো স্পষ্টভাৱে প্ৰদৰ্শন কৰে যে আগৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক আদৰ্শ যিয়েই নহওঁক কিয় বা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ উত্তম ৰাজনৈতিক প্ৰয়াসেই নহওঁক কিয়, বিদেশী পুঁজিৰ বিয়াগোম অংশই বাধাহীনভাৱে উৰ্দ্ধমুখী হৈ আছে আৰু আমাৰ দেশত এতিয়াও আমাৰ আভ্যন্তৰীণ কাম-কাজেবাৰত অবাঞ্ছিত হস্তক্ষেপ কৰি আহিছে।

ক্ৰ.নং বৰ্ষ এফ. চি. আৰ. তলত মূলধনৰ পৰিমান প্ৰসংগ-পত্ৰ
২০১০-১১ ১০,৮৬৫ কোটি টকা এম, এইচ, এল নং
২০১১-১২ ১১,৯৩৫ কোটি টকা ২১০১১৫৮ (৯৪৭)২০১৭
২০১২-১৩ ১২,৬১৪ কোটি টকা এফ, চি, আৰ এ- এম ইউ তাং
২০১৩-১৪ ১৪,৮৫৩ কোটি টকা ০৭-১১-২০১৭ আৰ টি আই
২০১৮-১৫ ১৫,২৯৭ কোটি টকা আবেদনৰ উত্তৰ হিচাপে
২০১৫-১৬ ১৭,৭৬৫ কোটি টকা
২০১৬-১৭ ১৮,০৬৫ কোটি টকা পি আই বি প্ৰেছ বিজ্ঞপ্তি তাং ১ম জুন , ২০১৮ এম এইচ এ-ৰ

এটা জাতি হিচাপে ধৰি লৈ, আনকি ৰাষ্ট্ৰীয় দুৰ্যোগৰ পটভূমিতো জাতীয় গৰ্বক মূলধন হিচাপে লৈ আমি বিদেশী সাহায্যক অস্বীকাৰ কৰিব পাৰোঁ । দেশক খণ্ড-বিখণ্ড কৰিব পৰা পুঁজি যোগানৰ ব্যৱস্থাকো আমি অস্বীকাৰ কৰিব পাৰোঁ। আমাৰ ৰাজ সাহায্য, পুনৰ সংস্থাপন, ধৰ্মীয় দাতব্য কামৰ বাবে পুঁজি সৃষ্টি কৰাৰ ক্ষমতা আছে। আনকি দেশৰ ভিতৰতে চৰকাৰক প্ৰভাৱান্বিত কৰিব পৰা মানুহো আমাৰ আছে।

এতেকে ভাৰতত সকলো ধৰণৰ বেচৰকাৰী সংস্থা আৰু সদস্যগোটক বিদেশী পুঁজি গ্ৰহণ কৰাত সম্পূৰ্ণভাৱে নিষেধাজ্ঞা জাৰি কৰাটো এটা অতি জৰুৰী বিষয় হৈ পৰিছে। বিভিন্ন ভয়াৱহ ভাবুকিৰ পৰা পৰিত্ৰাণৰ এইটোৱেই একমাত্ৰ পথ। নহ’লে শুভ লক্ষ্যৰে বা সু-চিন্তিতভাৱে প্ৰস্তুত কৰা আমাৰ আইনবোৰত সুৰুঙা থকাটো নিশ্চিত।

ভাৰতবৰ্ষই ইয়াৰ পৰা বিচ্ছিন্ন দেশী ভাইসকলৰ দেশৰ প্ৰতি দিয়া অমূল্য অৱদানক স্বীকাৰ কৰি লৈছে বা চিনি লৈছে। তেওঁলোকৰ পূৰ্বৰ গৃহদেশৰ প্ৰতি থকা আৱেগিক সংযোগৰ কথা মানি লৈছে। সেয়েহে বিদেশৰ নামত কেৱল বহিঃৰাষ্ট্ৰত থকা ভাৰতীয় মূলৰ লোকৰ নিজস্ব ক্ষমতা অনুসৰি আগবঢ়োৱা পুঁজিৰ ক্ষেত্ৰতহে অনুমোদন প্ৰদান কৰিব লাগে।

সেই কাৰ্যক আনুষ্ঠানিক পুঁজিৰ পৰিবাহক বুলি ধৰি ল’ব নালাগে। সেয়াও অৱশ্যে সীমিত উদ্দেশ্য আগত ৰাখি, যেনে- প্ৰাচীন ভাৰতীয় পাঠ্যক্ৰম, পৰম্পৰাগত ভাৰতীয় জ্ঞান আহৰণৰ শিক্ষা, গৱেষণা, পদোন্নতিৰ বাবেহে হোৱাটো উচিত।

আৰ্তজনৰ সেৱাৰ বাবে উৎসৰ্গিত অ-ভাৰতীয় বিদেশী তথা বিদেশত থকা প্ৰবাসী ভাৰতীয়, যিসকলে প্ৰাচীন ভাৰতীয় পাঠ্যক্ৰম আৰু পৰম্পৰাগত ভাৰতীয় শিক্ষা, গৱেষণা আৰু পদোন্নতিৰ বাবে কিবা বৰঙণি যোগাব খোজে, তেওঁলোকে সেইবোৰ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ আইন কৰিব লাগে।

সেই কাৰণে আমি “দ্য ফ’ৰেইন কণ্ট্ৰিবিউশ্যনছ (প্ৰহিবিশ্যন) এক্ট”খনৰ দ্বাৰা ২০১০ চনৰ “দ্য ফ’ৰেইন কণ্ট্ৰিবিউশ্যন (ৰেগুলেশ্যন) এক্ট” খন ৰদ কৰাটো বিচাৰোঁ যাতে কেৱল মাত্ৰ প্ৰবাসী ভাৰতীয়সকলক উল্লিখিত কৰা ধৰণে অনুমোদন জনোৱাৰ বাহিৰে আনবিলাকক সম্পূৰ্ণভাৱে নিষিদ্ধ ঘোষণা কৰে লগতে বৰ্তমান সময়ৰ সংসদৰ সমাগত অধিবেশনত বিষয়টো সম্পন্ন হোৱাতো বিচাৰোঁ।

ইয়াৰ অন্য এক বিকল্প হ’ল, ইয়াৰ আইনগত বলবৎকৰণ স্থগিত ৰাখিবৰ বাবে এখন আধ্যাদেশ আনুষ্ঠানিকভাৱে বলবৎ কৰিব লাগে।

Leave a Reply