বি, জে, পিয়ে সঠিকভাৱেই কাশ্মীৰক অন্তহীন সংঘাতৰ সমস্যাৰ মূল কাৰণ হিচাপে সংবিধানৰ ৩৭০ অনুচ্ছেদকেই চিনাক্ত কৰিছে, যিটো জাতীয় সংহতিৰ বাবে এক ভীষণ অন্তৰায়। এইবোৰ কাৰণতেই বি, জে, পিয়ে সংবিধানৰ ৩৭০ অনুচ্ছেদ খাৰিজকৰণৰ বাবে নিৰন্তৰভাৱে দাবী জনাই আহিছে। ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত, বি, জে, পিয়ে তেওঁলোকৰ অঙ্গীকাৰবদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰি ৩৭০ অনুচ্ছেদৰ খাৰিজকৰণৰ কথা পুনৰ দোহাৰে। সেই কাৰণে, যেতিয়ালৈকে ইয়াৰ খাৰিজকৰণ কৰিব পৰা নাযায় তেতিয়ালৈকে কাশ্মীৰ সমস্যাও কেতিয়াও সমাধান কৰিব পৰা নাযায়।

তদুপৰি দেশৰ স্বাৰ্থৰ পৰিপন্থী ৩৭০ নং অনুচ্ছেদৰ সৈতে যুক্ত নিৰ্বাচনী সমষ্টিবিলাকৰ বিকৃত সংকুচিতকৰণ কাৰ্যই কাশ্মীৰ উপত্যকাৰত নিৰ্বাচনী প্ৰাধান্যই প্ৰভূত্ব লভিছে। ফলস্বৰূপে কাশ্মীৰৰ প্ৰায়বোৰ মুখ্যমন্ত্ৰীয়ে কেৱল কাশ্মীৰকহে প্ৰতিনিধিত্ব কৰে যাৰ ফলত কাশ্মীৰৰ তুলনাত জম্মু আৰু লাডাখৰ স্বৰ্থ উপেক্ষিত হৈছে। লগতে, সাংস্কৃতিকভাৱেও তিনিটা অঞ্চলেই স্পষ্টভাৱে ভিন্ন ৰূপৰ হোৱা হেতুকে সেইবোৰত ধৰ্মীয় আৰু সাংস্কৃতিক অস্তিত্ব বিলুপ্তিৰ হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে। নতুবা কেইবছৰমান আগতে কাশ্মীৰী হিন্দুবিলাকৰ পৰা ক্ষমতা হস্তান্তৰকৰণ কৰা প্ৰক্ৰিয়াৰ দৰে কথাবোৰ চলি আছে। সেয়েহে জম্মু কাশ্মীৰৰ আশু ত্ৰিখণ্ডিতকৰণ এক অস্তিত্ব সম্পৰ্কীয় প্ৰয়োজনীয়তা বুলি আমাৰ বোধ হৈছে। এইটো কৰিলেহে জম্মু আৰু লাডাখৰ জনগণে তেওলোকৰ নিজস্ব জনসংখ্যাতত্ত্ব ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰিবলৈ সমৰ্থবান হ’ব।

কাশ্মীৰৰ হিন্দুসকলে মুখামুখী হোৱা গণহত্যা, ধৰ্মীয় উৎপীড়নৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে নিম্নলিখিত বিষয়বস্তুৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আমি অনুৰোধ জনালো।

ক)            সংবিধানৰ ৩৭০ অনুচ্ছেদ খাৰিজকৰণ আৰু ১৯৫৪ চনত জাৰি হোৱা সংবিধানৰ দফা (জম্মু আৰু কাশ্মীৰ প্ৰপত্ৰ) নিস্ক্ৰিয় কৰক যাতে সংবিধানক প্ৰভাৱান্বিত কৰা ৩৫- এক্ট সম্পূৰ্ণৰূপে বাদ দিব পৰা যায়। এয়া ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহৰত প্ৰকাশিত বি, জে, পিৰ প্ৰতিশ্ৰুতিৰ প্ৰসংগত উল্লেখ কৰা হৈছে।

খ)            জম্মু আৰু কাশ্মীৰক তিনিখন ৰাজ্যত ভাগ কৰক। সেইবোৰৰ নামকৰণ হ’ব কাশ্মীৰ, লাডাখ আৰু জম্মু।

গ)            কাশ্মীৰী হিন্দুসকলক আভ্যন্তৰীণভাৱে স্থানান্তৰি্ত জনগণ হিচাপে এটা মৰ্যাদা দিবৰ বাবে এখন আইন বিধিবৎ বলবৎ কৰক, লগতে যেতিয়ালৈকে তেওঁলোকৰ গৃহ ৰাজ্যতে পুনৰ সংস্থাপিত নহয় তেতিয়ালৈকে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰক ।

Leave a Reply